পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
জীৱন-চৰিত।

(certificate) চাৰ্টিফিকেট ললেহে সেই সম্পত্তিত হাত দিব পাৰে, এনে কথা উকীল সত্যনাথব জনা আছিল বুলিয়েই হবলা মৃত্যুৰ কিছুদিন আগেয়ে তেওঁ সৰ্ব্ব সম্পত্তিৰ পৰা নিজ নম খাৰিজ কৰি পুত্ৰদ্বয়ৰ নামে জীবিত অৱস্থাতে নাম জাৰী কৰি থৈ গৈছে। কেইজন প্ৰকৃত জ্ঞানী গৃহস্থৰ কাৰ্য্য এনে বিধৰ?

 সত্যনাথে সাংসাৰিক জীৱনত ঘাইকৈ এনে নিয়ম পালন কৰিছিল, “সোণকালে শোৱন আৰু সোণকালে উঠন দুয়ো মিলি আৰোগ্য, জ্ঞান আৰু ধন” এই নীতিবাক্য তেওঁৰ জীৱনত ভালকৈ ফলিয়াইছিল। পুৱাতে তেওঁ শয্যা ত্যাগ কৰিছিল। হাত মুখ ধুই নিয়মিত লঘু আহাৰ কৰি নিজৰ কৰ্ত্তব্য কৰিছিল। তাৰ পিছত বিশ্ৰাম লৈ স্নানাদি কাৰ্য্য সমাধা কৰি কছাৰীলৈ গৈছিল। কছাৰীত কাম সমাধা কৰি আহি আবেলি জলপান কৰি সাধাৰণতঃ বাতৰি কাকত পঢ়িছিল। তাৰ পিছত প্ৰায় ফুৰিবৰ অৰ্থে বাহিৰলৈ ওলাইছিল আৰু সভা-সমিতিত উপস্থিত হৈছিল। গধূলি নিতৌ অধ্যয়ন কৰিছিল, বন্ধত আৰু আজৰি সময়ত সাহিত্য-চৰ্চ্চা কৰিছিল। ‘ল’ কলেজৰ অধ্যাপক নোহোৱাৰ আগেয়ে পুৱা উকীলখানাত ওকালতিৰ কাম কৰিছিল। মোক্কেলবিলাকে তেওঁক আগুৰি ধৰা নাইবা কছাৰীলৈ যাওঁতে পিছে পিছে ফেচ্‌ফে‌চাই কথা সুধি যোৱা তেওঁ ভাল নাপাইছিল। তেওঁৰ চলন ফুৰণত গহীন ভাৱ দেখি মানুহে