পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
স্বৰ্গীয় সত্যনাথ বৰাৰ


নোৱাৰিলে। মই ডিব্ৰুগড়ৰ পৰা পাচ হৈছিলো দেখি তৃতীয় বিভাগতে ১০্‌ বৃত্তি পাইছিলো। ৺সত্যনাথ বৰাক তেওঁৰ মৰমৰ দদায়েক ৺সোণাৰাম বৰাই সৰুৰে পৰা মাউৰা লৰা দেখি খৰছপাতিৰে সহায় কৰিছিল। তেওঁৰ অনুগ্ৰহৰ বাবে ৺সত্যনাথ বৰাই কলিকতা বিশ্ববিদ্যালয়ৰ বি-এ আৰু বি-এল ডিগ্ৰি সুখ্যাতিৰে লাভ কৰি আৰু মনৰ সুখেৰে থাকি বহুতো ধন উপাৰ্জ্জন কৰি সুযোগ্য় দুটি পুত্ৰ ৰাখি সংসাৰৰ পৰা বিদায় ললে।

 কলিকতাত থাকোঁতে একে ঘৰতে শিৱসাগৰ জিলাৰ ৺ইন্দিবৰ চিৰস্তাদাৰৰ পুতেক ৺মহেন্দ্ৰনাথ বৰুৱা এণ্ট্ৰেঞ্চ পৰীক্ষাত সুখ্যাতিৰে পাচ হৈ আমালোকৰ লগৰীয়া হল। এওঁৰ জ্যেষ্ঠ দদাক শ্ৰীযুত উপেন্দ্ৰনাথ বৰুৱা এতিয়াও এখন স্কুল পাতি খাই বই জীয়াই আছে। এওঁ আমি যাওঁতে ২য় কি ৩য় বাৎসৰিক শ্ৰেণীত সেই ঘৰতে থাকি কলেজত পঢ়িছিল। তেওঁৰ আলমতে ৺মহেন্দ্ৰনাথ বৰুৱা একে ঘৰতে থাকি প্ৰেচিডেন্সি কলেজত নাম লগাই ১ মাহ মান পঢ়িলে। ভাৰ পাচত তেওঁৰ গ্ৰহণী বেমাৰ হৈ সকলো ছাত্ৰবৃন্দকে আন কি তেওঁক পঢ়োৱা বিখ্যাত হেডমাষ্টৰ চন্দ্ৰমোহন গোস্বামী সেই সময়ত একে ঘৰতে থকাত তেওঁকো শোকাকুল অৱস্থাত পেলাই এই জগতৰ পৰা প্ৰস্থান কৰিলে। এওঁৰ বাবে সকলোৱে মনত বৰ দুঃখ পালে কাৰণ তেওঁ আসামৰ এজন বৰ বুদ্ধিমান ছাত্ৰ আছিল। আমি “ত্ৰিগনমেৰ্ট্ৰি”