পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
জীৱন-চৰিত।


কলিকতা পাইছিল গৈ। সেই বাবে কোনো কোনো মানুহে সেই ৰাস্তাকে প্ৰশস্ত যেন ভাবি কলিকতালৈ গৈছিল।

 সেই সময়ত ডাঙ্গৰ সদাগৰি জাহাজৰ বাহিৰে ডাকনিয়া বা বগাই চলোৱা জাহাজ নাছিল। সেই হেতু ঘাটে ঘাটে মাল লৈ যাওঁতে কোনো কোনো ঘাটত মাল অনুযায়ী জাহাজ ২।৩ দিন বহি থাকিব লাগিছিল। এনেকৈ যাওঁতে যাওঁতে ডিব্ৰুগড়ৰ পৰা গোৱালন্দ পোৱাত ১৯ দিন লাগিছিল। গুৱাহাটী কিমান দিনত পালেগৈ মোৰ মনত নাই। যেই দিনেই পাওঁক নেপাওঁক মই ৺সত্যনাথ বৰাৰ লগত গোৱালনন্দই দি কলিকতা পহুছাত অতি কমেও এ সপ্তাহমান হব পায়। ৰেলত উঠি উভয়ে কলিকতা পাই পোন-প্ৰথমতে ১০৪নং আমহাৰ্ষ্ট ষ্ট্ৰীটত সেই সময়ৰ কলিকতালৈ পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰই কেৰেয়া কৰি থকা ঘৰত ৺সত্যনাথ বৰা আৰু মই উঠি থাকিলোঁগৈ। সেই ঘৰত ১০/১২ জন ছাত্ৰৰ কাৰণে ঠাই আছিল। আমিও সেই ঘৰতে ঠাই পালোঁগৈ। তেতিয়া কলিকতা বিশ্ববিদ্যালয় মঞ্জুৰি সিটি কলেজ বঙ্গালী বাবু কেইজনমানে প্ৰথম স্থাপিত কৰি প্ৰথম বাৰ্ষিক ক্লাচ খোলে। সেই কলেজতে আমি প্ৰথম নাম লগাওঁ। তেতিয়া আসাম গৱৰ্ণমেণ্টে দিয়া স্কলাৰসিপ্‌ ২।৪টাৰ বাহিৰে কলেজত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰ- বিলাকৰ বৃত্তি নাছিল। যদিও ৺সত্যনাথ বৰা এন্ট্ৰেঞ্চ পৰীক্ষাত দ্বিতীয় বিভাগত পাচ হৈছিল তেওঁ বৃত্তি ধৰিব