পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
স্বৰ্গীয় সত্যনাথ বৰাৰ


পঢ়ুৱাবলৈ গাত ললে আৰু সত্যনাথক স্কুলত পুনৰ নাম লগাই দি নিয়মিতৰূপে স্কুলত পঢ়া-শুনা কৰিবলৈ দদায়েকে ভতিজাকক মৰমেৰে আদেশ দিলে। এই মুহুৰ্ত্তৰপৰা সত্য- নাথৰ ছাত্ৰ-জীৱনৰ বি-এল পঢ়ালৈকে সকলো খৰছ সোণাৰাম বৰাই বহন কৰিলে। আৰু তেখেতৰ যত্নতেই সত্যনাথে উপযুক্ত শিক্ষা লভি দেশৰ সুপ্ৰসিদ্ধ সাহিত্যিক হৈ অসম- মাতৃৰ বয়ান উজ্জ্বল কৰিব পাৰিলে।

 গুৱাহাটীৰ এণ্টেঞ্চ স্কুলত পঢ়াকালডোখৰত সত্যনাথ সদায় শ্ৰেণীত প্ৰথম দ্বিতীয় হৈ প্ৰমোচন পাইছিল। ১৮৮১ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজৰ উচ্চ শিক্ষা লভিবলৈ কলিকতালৈ যাত্ৰা কৰে। সেই সময়ত কলিকতালৈ পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰৰ সংখ্যা নিচেই তাকৰ আছিল। সত্যনাথ যি বছৰ কলিকতালৈ ওলাল সেই বছৰ গোটেইখন অসমদেশৰ পৰা মাথোন কেইজনমান ছাত্ৰহে কলিকতালৈ গৈছিল। যোৰহাটৰ শ্ৰীযুত গোপীনাথ বৰদলৈ বি-এল, সত্যনাথৰ সহচৰ হল। গুৱাহাটীৰপৰা দুয়ো একে লগে কলি- কতালৈ উচ্চশিক্ষাৰ বাবে জাহাজত যাত্ৰা কৰিলে। তেতিয়াৰ দিনত কলিকতালৈ যাব লাগিলে প্ৰায় এসপ্তাহ লাগিছিল। আজিকালিৰ দৰে ১৮ বা ২০ ঘণ্টাৰ বাট নাছিল। কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনৰ কলিকতালৈ যাওঁতে যিমান দিন লাগিছিল এতিয়া সত্যনাথৰ দিনত তাতকৈ কম দিন লাগিল। গোপীনাথ বৰদলৈ আৰু সত্যনাথ দুয়ো কলিকতালৈ ৰাওনা