পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
জীৱন-চৰিত।


নাথাকে। কোনোটো পানীকে চুৱাত, কোনোটো ঠিয়দঙ্গা দিওঁতে, কোনোটোৰ মাত ফুটোতে, কোনোটোবা লৰি- ধাপৰি ফুৰিবপৰা হওঁতেই অকালতে মৃত্যুৰ মুখত পৰে। সেই বাবে লৰা-ছোৱালী নথকাত দুয়োৰে মনত বৰ দুখ। সদায় হা-হুমুনিয়াৰে দুখে-বেজাৰে দিন নিয়াবলৈ ধৰিলে। দয়নাথ বৰবৰাৰ পুৰোহিতৰ ঘৰ কামৰূপ জিলাৰ ডিঙডিঙি গাৱঁত। তেওঁলোকৰ পুৰোহিত বৰ নৈষ্ঠিক আৰু ক্ৰিয়া- কাণ্ডতহে অকল পটু আছিল এনে নহয়, সংস্কৃত চৰ্চ্চাতো পুৰোহিতৰ ঘৰৰ বিশেষ বাপ আছিল। সেই পুৰোহিতে দয়ানাথৰ সন্তান-সন্ততি জীয়াই নথকাৰ গুণে তেওঁক সত্যনাৰায়ণ পূজা কৰিবলৈ কয়। হিন্দুৰ সত্যনাৰায়ণ পূজাত বৰ আস্থা। এই পূজাৰ ফলৰ কথা মানুহে মুখে মুখে এই দৰে কয়—

“সত্যনাৰায়ণ হৰি সত্যনাৰায়ণ,
অপুত্ৰৰ পুত্ৰ হোৱে, নিধনীৰ ধন
অন্ধজনে চক্ষু পাৱে বন্ধ বিমোচন॥”

 বোধ কৰোঁ এনে বিশ্বাস থকাৰ গুণে পুৰোহিতৰ উপদেশ শিৰোধাৰ্য্য কৰি মহাপুৰুষীয়া গুৰুঘৰত ডঁৰ ভৰিও দয়ানাথ বৰবৰাই এভাগ সত্যনাৰায়ণ পূজা কৰায়। এই পূজাৰ পিছত যথাসময়ত শুভক্ষণত ১৭৮২ শকত এটি পুত্ৰ জন্ম হয়। সত্যনাৰায়ণ পূজা কৰি পুত্ৰলাভ হোৱা বুলি এই পুত্ৰৰ নাম দয়ানাথে সত্যনাথ ৰাখিলে। গ্ৰহবিপ্ৰক আনি পুত্ৰৰ মাঙ্গলিক