এনেকৈ সত্যনাথ বৰাই জীৱনত সকলোপিনে কৃতকাৰ্য্য
হৈছিল। এক শ্ৰেণীৰ মানুহে কব খোজে যে, সত্যনাথ কোনো
লেঠালগা বিষয়ত নোসোমাইছিল; সেই বাবে তেওঁৰ কাৰো
লগত ঠেকাঠেকি নেলাগিছিল বা কোনো লোকে সৈতে
মনোমালিন্য হবৰ কাৰণ নাছিল। আৰু সেই গুণে তেওঁৰ
জীৱন মান জঞ্জালশূন্য। কিন্তু যেয়ে ঢৌতে খঁৰ মাৰি, হাই
উৰুমিৰ মাজত সোমাই, লেঠালগা কথাত হাত দিও নিজৰ
কৃতিত্ব দেখুৱাব পাৰে, তেৱেহে আচল মানুহ। আমি কওঁ
সত্যনাথ সাৰথিয়ে সংসাৰ ৰথখন এনে সুচলকৈ চলাই নিলে
যে, ৰথৰ গতি বন্ধ নোহোৱাকৈ অথচ কাকো কতো ঠেলা-
হেঁচা নামাৰি জীৱন-যুদ্ধত জয়লাভ কৰিলে। এই জয়লাভ
কৰা কৃতিত্ব সত্যনাথৰ নে অন্য লোকৰ?
সত্যনাথৰ জন্মস্থান গুৱাহাটীৰ ভৰলুমুখত। ভৰলুনৈ সত্যনাথৰ চোতালৰ আগেদি বৈ গৈছে। গুৱাহাটী এখন পুৰণি ঠাই। ইয়াৰ চাৰিওফালৰ দৃশ্য ইমান মনোৰম আৰু ইয়াত যতবোৰ তীৰ্থ আৰু বুৰঞ্জীৰ তথ্য আছে, লিখক মাত্ৰেই সেইবোৰৰ বৰ্ণনাৰ লোভ সামৰিব নোৱাৰে।
এনে ঐতিহাসিক তথ্যেৰে, পুণ্য তীৰ্থেৰে আৰু প্ৰাকৃতিক সৌন্দৰ্য্যেৰে পৰিপূৰ্ণ ঠাইত জন্মগ্ৰহণ কবি, অসম মাতৃক বিবিধ উপচাৰেৰে পূজা কবি, চাৰিও ফালৰ পৰা কি সাহিত্যিক স্বৰূপে, কি উকীল স্বৰূপে, কি অসমীয়া ভাষা আৰু আইনব অধ্যাপক স্বৰূপে, কি গৃহস্থ স্বৰূপে, কি মনুষ্য স্বৰূপে সত্যনাথ