পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
জীৱন-চৰিত।

ৰচনা ৰীতিত, কি ভাষাৰ লালিত্যত, কি ভাবৰ গাম্ভীৰ্য্যত সকলোতে সত্যনাথৰ এটা নিজা সুকীয়া ব্যক্তিত্ব প্ৰকাশ পাইছে। অসমীয়া ভাষাৰ এনে শুদ্ধতা, নিৰ্ম্মলতা আৰু স্বাভাবিকতা ৰক্ষা কৰা অসমীয়া লিখক সত্যনাথে তেওঁৰ ৰচিত পুথিবোৰৰ পাতে পাতে সত্যনাথময় হৈ জিলিকি আছে। সত্যনাথ সদাই শুদ্ধতা আৰু নিৰ্ম্মলতাৰ পক্ষপাতী আছিল। তেওঁৰ এই শুদ্ধতা কি সাহিত্য চৰ্চ্চাত, কি গৃহস্থালী কামত, কি সামাজিক অৱস্থাত সকলোতে প্ৰতিফলিত হৈছিল। যথাৰ্থতে শ্ৰীযুত ৰজনী বৰদলৈয়ে কয় যে, “অসমীয়া সাহিত্যত সত্যনাথৰ ঠাই অতি ওখ আছিল। তেওঁৰ সাহিত্য-বিচাৰ, সাৰথি, আকাশ-ৰহস্য আৰু শেহৰ বহল ব্যাকৰণেই তাৰ সাক্ষী দিছে আৰু তেওঁৰ নাম যুগমীয়া কৰি থৈছে। ভাষাৰ পবিত্ৰতা, ভাবৰ পবিত্ৰতা আৰু চৰিত্ৰৰ পবিত্ৰতা এই সকলো- বিধ পবিত্ৰতাত তেওঁ আদৰ্শ পুৰুষ আছিল। অসমীয়া ভাষাৰ সাহিত্যিক স্বৰূপে বিশেষ শব্দৰ মূল আৰু ব্যাকৰণ এই দুই বিষয়ত তেওঁৰ ঠাই বৰ ওখ—আমাৰ আটাইবিলাকতকৈ ওখ বুলি মই কব পাৰোঁ।” শ্ৰীযুত বেণুধৰ ৰাজখোৱায়ো ঠিক একেদৰে কয় যে, “অসমীয়া সাহিত্যত বৰা ডাঙ্গৰীয়াৰ ঠাই বহুত ওখত।”

 সত্যনাথ বৰাই অসমীয়া লিখকৰ ওপৰত যথেষ্ট প্ৰভাৱ চলালে। তেওঁ ভাষাটো যাতে বিজাতৰীয়া নহয় তাৰ বাবে অসমীয়া ৰচনাত, অসমীয়া শব্দেৰে, অসমীয়া ঠাঁচেৰে অসমীয়া