পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বৰ্গীয় সত্যনাথ বৰাৰ

আকৌ ৰক্তবীজৰ বংশৰ দৰে সেই বিষয়ত কাৰো আকৌ বংশ বৃদ্ধি হলে বসুমতীত ৰক্ত পৰিব নিদিয়াকৈ ওপৰতে আলাঙ্গে আলাঙ্গে প্ৰাণনাশ কৰে। এনে শক্তিশালী লক্ষ্মীনাথৰ সেই লেখনী অস্ত্ৰ তাহানি বংশীবদনে মুৰুলী ধ্বনিৰে গোপবালাৰ প্ৰাণ মোহিত কৰি ব্ৰজবাসীক যিদৰে আনন্দ বৰ্দ্ধন কৰিছিল, সেইদৰে লক্ষ্মীনাথেও অমিয় মধুৰ মুৰুলী বজাই দেশবাসীক সাহিত্য ৰসেৰে উৰলীকৃত কৰিছে। এনেদৰে আৰু কত জনে অসম-মাতৃৰ ৰাতুল চৰণত অৰ্ঘ্য দিছে।

 স্বৰ্গীয় সত্যনাথ বৰা এই শ্ৰেণীৰ সাহিত্যিক সকলৰ এটি উজ্জ্বল ৰত্ন আছিল। সত্যনাথ বৰাৰ বৰণ বগা, শৰীৰ আটিল আৰু দেখাত ওখ আৰু সুশ্ৰী আছিল। তেওঁৰ চকুত জেউতি, মুখত হাঁহি আৰু বদনত পুণ্যৰ আভা আছিল। তেওঁৰ মুখশ্ৰীত চিন্তাশূন্য আৰু শান্তিপ্ৰিয় ভাব ফুটি ওলাইছিল | তেওঁৰ স্বভাৱ গহীন, প্ৰকৃতি জুৰ, হৃদয় উদাৰ আৰু মন প্ৰশান্ত আছিল। তেওঁৰ বচন মধুৰ, মগজু শীতল আৰু উদ্ভাবিকা শক্তি কম নাছিল। তেওঁৰ মাত বক্তৃতাত গলগলীয়া আৰু নিত্য আলাপত নিয়মীয়া আছিল। অধৈৰ্য্য বা উচ্ছৃঙ্খল ভাব কোনো অৱস্থাতে প্ৰকাশ নাপাইছিল। সংসাৰ বিনন্দবিলাসৰ স্থান, কৰ্ত্তব্যপালন জীৱনৰ অমিয়া, উদগতি সাধন মনুষ্য জীৱনৰ লক্ষ্য—এইবোৰ যেন তেওঁৰ জীৱন পালনৰ নীতি আছিল। গৃহস্থ স্বৰূপে গৃহস্থীৰ ধৰ্ম্ম সুকলমে পালন কৰিছিল। তেওঁ খৰছৰ হিছাপ তহুতহুকৈ