পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
স্বৰ্গীয় সত্যনাথ বৰাৰ

নকৈছিল আৰু লোকনিন্দা আদিত যোগ নিদিছিল। মিছা মোকৰ্দ্দমাত সহায় নকৰিছিল। সাক্ষী শিকোৱা অভ্যাস তেওঁৰ নাছিল। তেওঁৰ High blood pressure বেমাৰ আছিল, এই কথা তেওঁ কাকো কোৱা নাছিল; কাজেই ডাক্তৰৰ উপদেশ মতে প্ৰতিকাৰৰ চেষ্টাও নাছিল।

 High blood pressureৰ লক্ষণ কি সেই সম্বন্ধে তেওঁ মোক কেতিয়াবা সুধিছিল; আৰু মই যি জানোঁ কৈছিলোঁ। তেওঁৰ সদাই এটি আন্তৰিক ইচ্ছা আছিল যে, তেওঁ যেন কষ্ট পাই মৰিব নালাগে; হঠাৎ পৰিব লাগে আৰু মৰিব লাগে। তেওঁৰ সেই ইচ্ছা পূৰ্ণ হল। হঠাৎ অজ্ঞান হৈ পৰি কেই ঘণ্টামানৰ ভিতৰতে ইহ সংসাৰ এৰি গল।

 তেওঁ অসমীয়া ভাষানুৰাগী আছিল, তাৰ উন্নতিৰ অৰ্থে সদাই পুৰুষাৰ্থ কৰিছিল আৰু পুথিও লিখিছিল।”


সামৰণী।

 সত্যনাথ ঢুকাবৰ পাঁচ ছয় বছৰ হল; তেওঁৰ ভৌতিক দেহ পঞ্চভূতত কাহানিবাই মিলি গল; কিন্তু সত্যনাথৰ নাম আমাৰ মনত ৰৈ থাকিল। সত্যনাথে অসমীয়া সাহিত্যৰ কাৰণে কষ্ট স্বীকাৰ কৰিছিল, নিজ কাজ কাম কাতি কৰি থৈ মাতৃভাষাৰ চৰ্চ্চাত লাগিছিল। দেশৰ সজ অনুষ্ঠানবোৰত যোগদান কৰিছিল আৰু অসমীয়াত অমূল্য গ্ৰন্থ ৰচনা