পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
জীৱন-চৰিত।

পৰিপূৰ্ণ। সাহিত্য সভাৰ অফিচত এনেকুৱা চিঠি কিছুমান ওলাব লাগে। মোৰ নিজ হাততো দুই চাৰিখন আছে। ইংৰাজী সাহিত্যত জন্চ‌ন্ আৰু এডিচন্ দুজন প্ৰখ্যাত লোক। জন্চ‌নৰ অভিধান এতিয়া কোনোৱে নাচায়। তেওঁৰ আন লিখাবিলোকো এই যুগত কোনোৱে অতি উচ্চ সাহিত্য বুলি নাভাবে। আৰু এডিচনতকৈয়ো ডাঙ্গৰ আৰু ভাল লিখক পাছৰ যুগৰ ইংৰাজী সাহিত্যত অভাব নাই। তেওঁ জন্চ‌ন আৰু এডিচন ইংৰাজী সাহিত্যৰ চিৰস্মৰণীয় লোক। এজন প্ৰথম অভিধান কৰ্ত্তা, আন জন সৰল আৰু নিভাঁজ ইংৰাজীত প্ৰথম প্ৰৱন্ধ লিখক।

 অসমীয়া সাহিত্যতো ৺হেমচন্দ্ৰ বৰুৱা আৰু ৺সত্যনাথ বৰাৰ তেনে স্থান। কালক্ৰমত ৺হেমচন্দ্ৰৰ অভিধানতকৈ বহুতো উন্নত অভিধান ওলাব; কিন্তু অসমীয়া ভাষাৰ আধুনিক যুগৰ প্ৰথম গুৰিয়াল বুলি তেওঁৰ ঠাই অসমীয়া সাহিত্যৰ বুৰঞ্জীত কেতিয়াও নেহেৰায়। কালত ৺সত্যনাথ বৰাতকৈও নিভাজ অসমীয়া ভাষাত লিখিব পৰা ভাল প্ৰৱন্ধ লিখক ওলাব; কিন্তু এভিচনৰ Spectatorৰ দৰে, সত্যনাথৰ সাৰথিও চিৰকাল অসমীয়া সাহিত্যৰ আদৰৰ বস্তু হৈ থাকিব।”

 শ্ৰীযুত ভোলানাথ দাস ডাঙ্গৰীয়াই কয় যে, “তেওঁৰ নামৰ আৰু গুণৰ মিল আছিল; নামত যেনে সত্যনাথ, কামতো তেওঁ তেনে সত্যনাথ আছিল। তেওঁ কেতিয়াও মিছা কথা