পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
জীৱন-চৰিত।

বহল হৈ যাব। সেই দেখি তেওঁ তেনে এখন সভাৰ আৱশ্যকতা বুজিও তাক পাতিবলৈ অতি সাৱধানে চলিবলৈ পৰামৰ্শ দিছিল। পাচত সকলোৱে জানে, যে গুৱাহাটীত কেন্দ্ৰ অফিচ থকা কালত তেওঁ এই সভাৰ প্ৰধান সম্পাদকৰ ভাৰ লৈছিল।

 তেওঁৰ শেষ ৰাজহুৱা কাম গুৱাহাটীত বহা সাহিত্য-সম্মিলনৰ আদৰণী সভাৰ সভাপতি বাব; ইং ১৯২৪ চনৰ বৰদিনৰ বন্ধত। তেওঁৰ ভগ্ন স্বাস্থ্য স্বত্ত্বেও এই কামত তেওঁ বৰ উৎসাহ দেখুৱাইছিল। আৰু সাহিত্য সভা অলপ দিনৰ ভিতৰতে বৰ ভাল অনুষ্ঠান হৈ উঠিছে বুলি বৰ আনন্দ প্ৰকাশ কৰিছিল।

 আজীবন সাহিত্য চৰ্চ্চা কৰি তেওঁ শেষ কাম যে সাহিত্যৰ কাৰণেই কৰিলে এই কথা বিধতাৰ ন্যায়বিচাৰৰ সূক্ষ্ম আৰ্হি যেন লাগে।

 “বহল ব্যাকৰণ” খন লিখি বৰা ডাঙ্গৰিয়াই বহুদিন নছপোৱাকৈ থৈ দিছিল। আন কি তেওঁ যে এখন ব্যাকৰণ লিখিছিল, তাকো অনেকে নাজানিছিল। নৰ্ম্মাল স্কুলত ভাষাজ্ঞান দিবলৈ ওখ খাপৰ ব্যাকৰণ নাই। সেই দেখি অসমীয়া ব্যাকৰণ সম্পৰ্কে ময়ো কিছুমান টোকা কৰি পঢ়াব লগীয়া হৈছিল, গুৱাহাটীলৈ আহিলে মই বৰা ডাঙ্গৰীয়াক প্ৰায় প্ৰতিবাৰেই দেখা কৰিছিলো। এবাৰ এইদৰে দেখা কৰোঁতে আমাক এখন ব্যাকৰণ লাগে সেই কথা ওলাল। তেওঁ যে সেই বিষয়ত অসুবিধা পাইছে, সেই কথাও ওলাল।