পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
জীৱন-চৰিত।

ৰ্দ্দমা হৈছিল। তেওঁৰ অন্যতম উকীল আছিল ৺সত্যনাথ বৰা। দলৈদেৱে বৰাক তিনিশ টকা বায়না দিছিল। কিন্তু ভাগ্যক্ৰমে সেই মোকৰ্দ্দমা বিচাৰেই হব লগীয়া নহল। কাৰণ প্ৰথম তদন্ততে প্ৰমাণ হল যে, দলৈদেৱৰ বিৰুদ্ধে যিবিলাক অভিযোগ সেইবোৰ সম্পূৰ্ণ মিছা। বৰা ডাঙ্গৰীয়াই মোকৰ্দ্দমাৰ প্ৰথম তদ্বিৰ কৰাৰ বাহিৰে আন একো কৰিব লগীয়া নহল গতিকে তেওঁ তিনিশ টকা দলৈদেৱক ওলটাই দিলে। মই শহুৰৰ পৰা শুনিছোঁ যে, বৰকৈ ধৰাত হে হেনো তেওঁ কোনোমতে এশ টকা ৰাখিলে। কিন্তু তাৰ পাচত দুয়োৰে মাজত প্ৰগাঢ় বন্ধুত্ব হল; আৰু যদিও অনেক কথাত পৰস্পৰে পৰস্পৰৰ পৰা সহাই পাইছিল, টকাৰ লেন্‌-দেন্‌ দুয়োৰো মাজত আৰু নহল।

 কটন কলেজৰ আৰু ল কলেজৰ অধ্যাপক থকা কালৰ আচাৰ ব্যৱহাৰৰ পৰা অসমীয়া ডেকা সকলে তেওঁৰ ভদ্ৰ ব্যৱহাৰ আৰু কৰ্ত্তব্যনিষ্ঠাৰ ভাল পৰিচয় পাইছিল। তেওঁ কলেজলৈ কোনো দিন এক মিনিট পলমকৈ নগৈছিল; আৰু নিজৰ পঢ়োৱা কামখিনি অতি গম্ভীৰ আৰু সুস্থিৰ ভাৱে শেষ কৰিছিল।

 ইং ১৯১৭ চনত শিৱসাগৰত আসাম এচোচিয়েচনৰ অধিবেশন বহে। বৰা ডাঙ্গৰীয়া তাৰ সভাপতি। তেতিয়াৰ দিনত সভা-সমিতিত বৰ জকমকীয়া ইংৰাজী পোচাক পিন্ধি চাহাব হৈ যোৱাটো এটা দস্তুৰ আছিল। সভাপতিৰ আড়ম্বৰ-