পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
স্বৰ্গীয় সত্যনাথ বৰাৰ

সুচাৰুৰূপে এখন সম্মিলনৰ অধিবেশনৰ কাম সুকলমে সমাধা কৰা কম গুৰু লেঠাৰ বা জঞ্জালৰ কাম নহয়। এই অভ্যৰ্থনা সভাৰ সভাপতি স্বৰূপে প্ৰতিনিধি সকললৈ দিয়া আদৰণী বক্তৃতাও অতি উপাদেয় হৈছিল।

 ১৯১৭ খৃষ্টাব্দত ঐতিহাসিক তথ্যেৰে পৰিপূৰ্ণ আসাম দেশৰ গৌৰৱস্থল আহোম ৰাজধানী শিৱসাগৰত আসাম এচোচিয়েচনৰ এটা অতি আৱশ্যকীয় অধিবেশন বহে, এই অধিবেশনলৈ গোটেই অসম দেশে সভাপতি বাচি দিছিল ৺সত্যনাথ বৰাক। এখন দেশৰ এটি ৰাজনৈতিক অনুষ্ঠানৰ অধিবেশনত সভাপতি হৈ কেনেবোৰ গুৰুতৰ কথাৰ সিদ্ধান্ত, কৰিব লাগে তাক নজনা মানুহ নাই। লেঠা বা জঞ্জালৰ ভয়ত সত্যনাথ দেশৰ এই অনুষ্ঠানলৈ পৰাঙ্মুখ নহৈছিল। আসাম এচোচিয়েচনৰ এই অধিবেশনত সভাপতি স্বৰূপে দিয়া বক্তৃতা আমাৰ দেশৰ বাতৰি কাকতত বাদেও কলিকতাৰ Statesman ষ্টেট্‌চমে‌ন কাকতত প্ৰকাশ হৈছিল আৰু সেই বক্তৃতা প্ৰশংসা কাকতে পাত্ৰে, আৰু দহজনৰ মুখত প্ৰচাৰিত হৈছিল।

 আসাম সাহিত্য সভা যেতিয়া ১৯১৮ খৃষ্টাব্দত স্থাপিত হল তেতিয়াৰ কাৰ্য্যনিৰ্ব্বাহক সভা এতিয়াৰ দৰে যোৰহাটতে নিগাজিকৈ থকা নাছিল, যোৰহাটত তেতিয়া সাহিত্য সভাৰ অফিচ ঘৰ নাছিল, চন্দ্ৰকান্ত হল তেতিয়া সজোৱা নাছিল, কাৰ্য্যনিৰ্ব্বাহক সভাৰ সভ্য সকল জিলায়