পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
স্বৰ্গীয় সত্যনাথ বৰাৰ


সত্যনাথময় বুলিব পাৰি। দহবিধ ৰচনাৰ মাজত সত্যনাথৰ ৰচনা লুকাই সানমিহলি কৰি থওক, তৎক্ষণাত তাক সত্যনাথৰ বুলি বাচি উলিয়াই আনিব পৰা যাব। সত্যনাথে ৰচনাৰীতিত এনে শুদ্ধতা ৰক্ষা কৰি চলা দেখিয়েই কোনোৱে কোনোৱে তেওঁক অতিপাত নিকাপন্থীয়া (puritan) বুলিছিল। এই প্ৰসঙ্গত শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী দেৱে কয় যে, “অসমীয়া ভাষা লিখা বৰা ডাঙ্গাৰীয়াৰ এটা প্ৰধান লক্ষ্য আছিল। আনকি এই বিষয়ত তেওঁ ইমান স্থিৰ আছিল যে, অসমীয়া শব্দ বা লিখাৰ ঠাঁচ এৰি লিখা দেখিলে ইমান বেজাৰ পাই- ছিল যে, অনেকে তেওঁক অতিপাত নিকাপন্থীয়া বুলি ভাব কৰিছিল।”

 সত্যনাথ বৰা উপমা বা তুলনাত সিদ্ধহস্ত আছিল। গধুৰ বিষয়ক কথাবোৰ প্ৰকাশ কৰোঁতে তেওঁ কেৱল অসমীয়া চহা বা ঘৰুৱা শব্দ ব্যৱহাৰতে লাগি থকা নাছিল। তেওঁৰ তুলনা কৰি লিখা বাক্যবোৰে পাঠকৰ মনত এটা হুবহু চিত্ৰ আঁকি তোলে আৰু লিখকৰ লেখনীৰ পাৰ্গতালি প্ৰকাশ কৰে যেনে –“দূৰৈৰ পৰ্ব্বত বিতোপন তাৰ অতলস্পৰ্শ গহ্বৰ, বিকটাকৃতি প্ৰস্তৰ, ভয়ঙ্কৰ সিংহ ব্যাঘ্ৰাদি জন্তুচয়। সকলোৱে শৈলজ তৰু-লতাৰ শ্যামল পল্লবৰাশিৰ মুখা লৈ মোহিনী মূৰ্ত্তি ধৰি থাকে”। “সংসাৰৰ আয়তন সাগৰৰ সদৃশ হলেও তাত ভীষণ লহৰি নাই, খৰতৰ স্ৰোত নাই, গগনভেদী হুঙ্কাৰ নাই, ভয়ঙ্কৰ গ্ৰাহ বা কুম্ভীৰ নাই, চাকনৈয়া নাই, ওভতনি নাই।