প্ৰথম শ্ৰেণীৰ লিখকে সংস্কৃত শব্দ অলপ বেচিকৈ লিখাৰ কাৰণ মাথোন ইয়াকে দেখুৱাই যে, হেমকোষত থকা সকলে শব্দৰ প্ৰয়োগ সমানে আসামত। আটাই কেইখন জিলাত চলিব নোৱাৰে। তদুপৰি ৰচনাত সৌন্দৰ্য্য বা লালিত্য ৰক্ষাৰ অৰ্থে অসমীয়া শব্দ বাদ দি সংস্কৃতীয়া শব্দ ব্যৱহাৰ
ভাষাৰ পৰা শব্দ ধাৰ কৰাত একে দোষ দেখা নাযায়, আৰু তেনে কৰাৰ পৰা ভাষা ভাল আৰু চহকীহে হয়। কিন্তু এই কথালৈ মন নকৰি এতিয়া অনেক নলেখাৰুৱে পণ্ডিতালি দেখাবৰ ইচ্ছাৰে অসমীয়া লিখাত পাচিয়ে পাচিয়ে সংস্কৃত শব্দ সুমাই মনেৰে ভাবে যে, তেওঁ- বিলাকৰ লেখা বৰ শুৱলা হৈছে, কিন্তু সেইবিলাকে ভাবি চাব লাগে যে, হীৰা মুকুতাবিলাক যদিও বৰ ভাল আৰু বহমূলীয়া বস্তু তেওঁ সেইবিলাক কত কিৰূপে পিন্ধিব লাগে তালৈ নেচাই নাক, কাণ, চুলি ইত্যাদি সকলো ঠাইত আৰি ললে যি জনে সেই কাৰ্য্য কৰে, তেওঁ ধুনীয়া নহৈ আপোনাক বীভচ মাথোন দেখাব; আৰু সকলোৱে তেওঁক চহকী বোলাব খোজা চহা বুলি হাঁহিব।
বিশেষ শব্দবিলাক আমাৰ মনৰ ভাববিলাকৰ বাহন মাথোন। যেনে এটি বাহন নহলে কোনো ভাব মনৰ পৰা বাহিৰ হব নোৱাৰে, এই কাৰণেই শব্দৰ আৱশ্যক হয়। তাত যেনেকৈ আমি উঠি ফুৰিব পৰা কোনো এটা আমাৰ সুকীয়া বাহন থাকেঁতে আনৰ বাহন মত। অযুগুত, তেনেকৈ মনৰ ভাব প্ৰকাশ কৰিব পৰা আমাৰ আপোনাৰ শব্দ থাকোঁতে লোকৰ শব্দ ধাৰ কৰাও অনুচিত; ডেকা লেখাৰুসকলে এইটি কথা মনত ৰাখিব লাগে।”
হেমচন্দ্ৰ বৰুৱা।