পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
জীৱন-চৰিত।

খোজে, সি সেই ভাষাৰ ব্যাকৰণ নিশিকিলে ভাষাটোৰ গোটেই তত্ত্ব লাভ কৰিব নোৱাৰে। মুখে মুখে ইংৰাজী শিকা মানুহৰ দুটা কথা যদি শুদ্ধ হয়, দুটা কথা অশুদ্ধ হয়, সি যি কথাটো ইংৰাজৰ মুখত এদিন শুনিছে তাকে মাথোন কব পাৰে, ভিন কথা সাজি কব নোৱাৰে। সেই দেখি ভিন জাতিৰ ভাষা শিকিবলৈ হলে সেই ভাষাৰ ব্যাকৰণ পঢ়িব লাগে, ব্যাকৰণ নপঢ়িলে এজন ইংৰাজ বা জাপানীয়ে বঙ্গলা বা অসমীয়া ভাষা শিকিব নোৱাৰে।

 সত্যনাথ বৰাই বহল ব্যাকৰণ কেৱল অসমীয়া লৰাৰ নিমিত্তে লিখা নাই, “ভিন জাতিৰ মানুহেও যেন ইয়াক পঢ়ি অসমীয়া ভাষাৰ সকলো তত্ত্ব অৱগত হব পাৰে, তালৈ চকু ৰাখিহে লিখা হৈছে” এনে কথা গ্ৰন্থকাৰে নিজে প্ৰকাশ কৰি গৈছে।

 বহল ব্যাকৰণ একেবাৰে সংস্কৃত ব্যাকৰণৰ আৰ্হিত লিখা ব্যাকৰণ নহয়। কিয়নো সত্যনাথ বৰাই সদাই বিশ্বাস কৰিছিল যে, অসমীয়া ব্যাকৰণ সংস্কৃত ব্যাকৰণৰ আৰ্হিৰে হব নোৱাৰে। সচৰাচৰ বহুত লিখকে অসমীয়া ব্যাকৰণ লিখোঁতে সংস্কৃত ব্যাকৰণৰ আৰ্হিলৈ লিখে। কিন্তু অসমীয়া ভাষা সংস্কৃত ভাষাৰ নিচিনা নহয় দেখি বৰা ডাঙ্গৰীয়াই বহল ব্যাকৰণ একেবাৰে সংস্কৃত আৰ্হিত লিখা নাছিল। বৰা ডাঙ্গৰীয়াই কয় যে, অসমীয়া ভাষাৰ গঠন আৰু গঠনপ্ৰণালী সংস্কৃত ভাষাতকৈ একেবাৰে ভিন।