পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
স্বৰ্গীয় সত্যনাথ বৰাৰ


 

 পিচত এই ব্যাকৰণ লিখা কাম শেষ কৰিবলৈ তেখেতৰ প্ৰায় এবছৰ লাগিছিল। কিয়নো তেখেতৰ পুত্ৰদ্বয়ে প্ৰকাশ কৰিছে যে, “পাচত গল বছৰি ( পিতৃদেৱে ) তেখেতে এই ব্যাকৰণ লিখিবলৈ আৰম্ভ কৰে। তাতে চকুৰ অলপ দোষ জন্মে আৰু এই পুথি লিখাৰ পৰা সেই ৰোগ বৃদ্ধি পাইছিল। সি যি কি নহওক কোনোমতে পুথিখনি লিখি শেষ কৰি গল। আগষ্ট মাহত ইয়াক প্ৰেচত দিয়া হয় আৰু ইয়াৰ কেঁচা ছপাও তেখেতে নিজে শুধৰাইছিল। এইদৰে ৯৬ পিঠিলৈকে তেখেতে চাই দিয়াত পুথি ছপোৱা হয়”। ভাষাত ব্যাকৰণৰ আৱশ্যক কি? কোনোৱে কব পাৰে যে, যাৰ যি ভাষা সি সেই ভাষাৰ ব্যাকৰণৰ একো প্ৰয়ো- জন বোধ নকৰে, ব্যাকৰণ নিশিকাকৈয়ে সেই ভাষাত সুন্দৰৰূপে কথা কব পাৰে। ইয়াৰ উত্তৰত সত্যনাথ বৰাই কয় যে, “এনে লোককো ব্যাকৰণ লাগে কিয়নো ব্যাকৰণ নপঢ়িলে ভাষাটোৰ ভিতৰুৱা গঠন শিকিবলৈ আৰু ভাষাটো শুদ্ধৰূপে লিখিবলৈ আন কোনো উপায় নাই। ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি। ই ভাষা এটাক খণ্ড খণ্ড কৰি গঠন আৰু গঠনপ্ৰণালীটোক ভাঙ্গি চিঙ্গি ভিন ভিন কৰি দেখুইৱাই দিয়ে আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে। যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটো ফালি ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে।” যি এটা ভাষা নকৈ শিকিব