পৃষ্ঠা:সতীৰ তেজ.pdf/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সামৰণি।

জেৰেঙ্গা পথাৰ।

পথাৰৰ মাজতে জয়মতীক বন্ধা কোঁটকৰা গছ জোপা। দুয়ো দাঁতিয়ে
অসংখ্য মানুহ, এফালে মতা, এফালে তিৰুতা। কেইজনমান

শান্তিৰক্ষক প্ৰহৰী।

এজন প্ৰহৰী। – স্বৰ্গদেৱ আহিব লাগিছে, তোমালোক কোনেও হাই উৰুমি নকৰিবাহঁক।

( কোঁচত ফুল লৈ কেইজনীমান কুমাৰীৰ প্ৰবেশ )

কুমাৰীসকল –জয় সৰগৰে জ্যোতি,
,, সতী জয়মতী,
,, নাৰী সমাজৰে ৰাণীI
,, মৰণক জিনিলা,
,, স্বামীকো ৰাখিলা,
,, সতীৰে ধৰমে মানি।
,, আকাশে-বতাহে,
,, শুনো একেৰাহে,
,, তোমাৰে খিয়াতি গোৱাঁ।
,, ভকতিৰে তোলা,
,, চকু-লোৰে ধোৱা,
জয় ফুলৰে আঁজলি লোৱাঁ