পৃষ্ঠা:সতীৰ তেজ.pdf/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গদা। — নালাগে,–একো নালাগে। গড়গাওঁ শ্মশানত পৰিণত হওক, তাৰ অস্তিত্ব বিস্মৃতিৰ গৰ্ভত লয় যাওক। য’ত শিবিৰ পাতি গড়গাওঁ অধিকাৰ কৰিছো, সেই বৰকলাই মোৰ নগৰ, তাতেই অভিষেকৰ কাৰ্য্য সম্পন্ন কৰিম।

( গায়ন, বায়নৰে সৈতে ডাঙ্গৰীয়া, বিষয়া আৰু অদ্যান্ত

লোকৰ প্ৰবেশ। )

( সকলোৱে আঠু কাঢ়ি সেৱা জনায়। )

গদা। — আপোনালোকৰ ব্যৱহাৰত সন্তুষ্ট হৈছোঁ। এতিয়া আহক, এক মুহূৰ্ত্তও অবাবত নষ্ট কৰিব নোৱাৰি। ৰাজ্য জুৰি অৰাজকতা, তাক গুচাই শান্তিস্থাপন কৰিব লাগিব, দেশক নতুনকৈ গঢ়িব লাগিব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক—যেন ইমানতেই ৰাজ্যৰ সকলো অপায় অমঙ্গল আঁতৰ হয়; যেন দেৱতাৰ আশীৰ্ব্বাদত ঘৰে ঘৰে শান্তিয়ে বিৰাজ কৰে;–অৰাজক আহোম ৰাজ্য ৰাম ৰাজ্যত পৰিণত হয়।

( সকলোৱে মূৰ দোঁৱায় )


পঞ্চম অঙ্ক শেষ।