পৃষ্ঠা:সতীৰ তেজ.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাবলৈ, আসন্ন মৃত্যুৰ ভীষণ দৃশ্যত আৰ্ত্তনাদ কৰিবলৈ। এইবাৰ শেষ বাৰ। তাৰ তেজেৰে জয়াৰ তৰ্পণ কৰিম,– প্ৰতিশোধৰ শেষ তৃষ্ণা নিবৃত্ত কৰিম।
( যাব খোজে। এনেতে ওপৰত জুইৰ পোহৰ দেখা যায়, আৰু আকাশ ৰঙ্গ হৈ উঠে। ঘনে ঘনে হিলৈৰ শব্দ শুনা যায়। গদাপাণি থমক খাই ৰৈ সেই ফাললৈ চায় )
গদা। — কি! নগৰত জুই লগালে কোনে? অলপ ৰৈ ) বেচ হৈছে, সুন্দৰ হৈছে। নাৰকীয় লীলাৰ স্থল, পিশাচৰ গহবৰ এই পাপপুৰী ধূলিৰ লগত মিলি যাওক, পাপীৰ শেষ চিহ্ন পৰ্য্যন্ত অন্তৰ্হিত হওক। এই নগৰ মোক নালাগে। পুৰণিক সমাধিৰ গৰ্ভত এৰি নতুন নগৰ নিৰ্ম্মাণ কৰিম, আহোমৰ লুপ্ত কীৰ্ত্তি পুনৰ উদ্ধাৰ কৰিম।
 ( বন্দৰৰ প্ৰবেশ )
বন্দৰ। — আমাৰ কাৰ্য্য শেষ। ৰজা, বুঢ়াগোঁহাই দুয়ো বন্দী।
গদা। — লৈ আহক!
 ( বন্দৰৰ প্ৰস্থান )
গদা। — আজি মোৰ জীৱনৰ সাধনা পূৰ্ণ হ’ল (স্থিৰদৃষ্টিৰে ওপৰলৈ চাই) জয়া! জয়া! চোৱাঁহি আজি তোমাৰ মহাব্ৰতৰ শেষ পৰিণতি, পাপীৰ প্ৰতি উদাস অন্তৰৰ নিৰ্ম্মম প্ৰতিশোধ!
 (প্ৰহৰী বেষ্টিত ৰজা আৰু বুঢ়াগোঁহাইক লৈ বন্দৰ আৰু পানী ফুকনৰ প্ৰবেশ )
গদা। — আতন বুঢ়াগোঁহাই! মনত আছে নে ইমান দিন কত নৰনাৰীক হত্যা কৰিলা? কত ৰজা ৰাজকুমাৰক বধ কৰিলা?