পৃষ্ঠা:সতীৰ তেজ.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কটকী। —চিঠিতেই সকলো পাব পায়। সঁচাকৈয়ে স্বৰ্গদেৱৰ মূৰৰ ঠিক নোহোৱা হৈছে। আগেয়ে যি হ’ল হ’ল, এতিয়া কুঁৱৰীক মৰাৰ বাবে কোনোবাই বেজাৰ কৰিছে বুলি শুনিলেও ধৰাই আনি শালত দিছে। গদাকোঁৱৰৰ হৈ যি একেষাৰ কথাও কৈছে, তাকেই ৰাজদ্ৰোহী বুলি শাস্তি দিছে। চকীয়াল, ঘাটৈ প্ৰভৃতিয়ে গদাপাণিৰ বাতৰি দিব নোৱৰাৰ বাবেই শাস্তি পাইছে। মানুহ ঘৰৰ পৰা ওলাব নোৱৰাত পৰিছে। এতিয়া আকেী গদাপাণিৰ নামৰ লগত মিল থকা নাম পালেই যাকে তাকে মাৰিবলৈ আদেশ হৈছে। ডাঙ্গৰীয়াসকল নিৰুপায়! বুঢ়াগোঁহাই ডাঙ্গৰীয়াৰ বাহিৰে বাকী ডাঙ্গৰীয়াসকল ৰজাৰ বিৰুদ্ধে থিয় দিবলৈ বাধ্য হৈছে। দেশৰ শান্তিৰ নিমিত্তে বৰ্ত্তমান স্বৰ্গদেৱক ভাঙ্গি আন এজনক পাটত বহুওৱাই তেওঁলোকৰ ইচ্ছা। আপুনিও তেওঁলোকৰ লগত যোগ দিব লাগে,— এয়ে আপোনাৰ ওচৰত তেওঁলোকৰ গোহাৰি।
বন্দৰ। —তেওঁলোকে নে কাক পাটত বহুৱাব খোজে?
কটকী। —কাক বহুৱাব! গদাকোঁৱৰৰ বাহিৰে জানো উপযুক্ত কোঁৱৰ আছে?
বন্দৰ। —গদাৰ বাতৰি পাইছে জানো?
কটকী। —নাই পোৱা। সকলোৰে বিশ্বাস তেওঁ এই ফালেই ক’ৰবাত ছদ্মবেশে আছে। আপুনি অভয় দিলেই তেওঁ ধৰা দিব।