পৃষ্ঠা:সতীৰ তেজ.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজা। —এতিয়াই, অবিলম্বে। যেনে উপায়েৰেই হওক, মোৰ ৰাজক্ষমতাৰ মৰ্য্যাদা ৰাখিব লাগিব। প্ৰজাই বুজিব লাগিব, মোৰ ইচ্ছাৰ বাহিৰে সিহঁতৰ ধৰ্ম্ম নাই।
 (বুঢ়া গোহাঁইৰ বাহিৰে সকলোৰে প্ৰস্থান )
বুঢ়া। —ডেবেৰা বৰবৰুৱা নাই, লালুকশোলা বৰফুকন আজি সিপুৰীত। আজি অসমৰ ভাগ্য-বিধাতা এই আতন বুঢ়াগোঁহাই। যি কাৰ্য্য আৰম্ভ কৰিছোঁ, তাক শেষ নকৰাকৈ মই বিশ্ৰাম নলওঁ। স্বৰ্গদেৱৰ সকলো প্ৰতিদ্বন্দ্বীৰ শেষ কৰিম, সিংহাসনৰ দৃঢ়তা স্থাপন কৰিম, ৰাজ্যজোৰা হুল-স্থুল, অৰাজকতাৰ বিভীষিকা, সকলো শেষ কৰি আহোম ৰাজ্যলৈ নতুন আলোক নমাই আনিম। সিংহাসন নিষ্কণ্টক কৰি, ৰজা-প্ৰজা সকলোকে হাতৰ মুঠিত ৰাখি অপ্ৰতিহত ক্ষমতাৰে এনে ভাবে ৰাজ্যৰ গতি নিৰ্দেশ কৰিম, যাতে ভবিষ্যৎ বুৰঞ্জীত ৰাজমন্ত্ৰী আতন বুঢ়া-গোঁহাইৰ নাম স্বৰ্ণাক্ষৰে জিলিকি থাকে।
 ( প্ৰস্থান )

————