পৃষ্ঠা:সতীৰ তেজ.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজকাৰ্য্যত হস্তক্ষেপ কৰাৰ পৰাই ৰাজ্য প্ৰায় অৰাজক। চুন্যতফা, চুক্লনফা, চুহুং, গোবৰ, চুজিন্‌ফা আৰু চুদৈফা স্বৰ্গদেৱেৰ অকাল মৃত্যুৰ কাৰণ অকল ডাঙ্গৰীয়াসকলৰ প্ৰাধান্য লাভৰ চেষ্টা আৰু কোঁৱৰসকলৰ প্ৰতিদ্বন্দ্বিতা। এনে অৱস্থাত যদি স্বৰ্গদেৱে আত্মপ্ৰতিষ্ঠাৰ নিমিত্তে কঠোৰ নীতি অৱলম্বন কৰে, সি কোনোমতেই দূষণীয় নহয়।
বৰ। —এয়ে তেন্তে আপোনাৰ মত?
বুঢ়া। —আন পথ নাই। বৰ্তমান আহোম শাসনৰ বিশৃঙ্খল আঁতৰ নহলে, এই ৰাজ্য নাথাকে। যেতিয়ালৈকে সিংহাসনৰ প্ৰতিদ্বন্দ্বী থাকিব, ৰাজক্ষমতা মন্ত্ৰীসকলৰ আকাঙ্খাৰ বশবৰ্ত্তী হ’ব, তেতিয়ালৈকে গুপ্তহত্যা, অৰাজকতা— একোৰেই অন্ত নপৰে। বৰ্ত্তমান স্বৰ্গদেৱে তাৰ মূল উচ্ছেদ কৰি দৃঢ় ভেঁটিৰ ওপৰত সিংহাসন প্ৰতিষ্ঠা কৰিবলৈ আগ বাঢ়িছে। আমাৰ সকলোৰে কৰ্ত্তব্য-সামান্য স্বাৰ্থ বিসৰ্জ্জন দি তেওঁৰ এই মহৎ উদেশ্য সাধনত সাহায্য কৰা। দেশক যি ভাল পায়, আহোম গৌৰব যাৰ প্ৰিয়, তেওঁ কেতিয়াও স্বৰ্গদেৱৰ কাৰ্য্যত ব্যাঘাত জন্মাব নোৱাৰে।
বৰ। —হ’ব পাৰে আপোনাৰ উদ্দেশ্য সাধু। কিন্তু আপুনি ভাবে নে আপোনালোকৰ অৱলম্বিত উপায়েৰে সেই উদেশ্য সিদ্ধি হ’ব? মই দঢ়াই দঢ়াই কওঁ –কেতিয়াও নহয়। মই যদি বঙ্গালৰ বিৰুদ্ধে অভিযানত আবদ্ধ হৈ নাথাকিলোঁহেতেন, তেন্তে গুৰিৰে পৰা আপোনালোকৰ কাৰ্য্যত বাধা