পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
সটীক নামঘোষা

আৰু বুদ্ধিৰ উৎপত্তি; ইয়াক মন-বুদ্ধিৰ ভেটি বুলিব পাৰি। জ্ঞান আদি এই হৃদয়তে জন্মে বুলি আমি ভাবোঁ। সেই কাৰণে হৃদয়ক সম্বোধন কৰি কৈছে :—] হেৰা চিত্ত, তুমিয়েই পবিত্ৰ জ্ঞানৰ মন্দিৰ অৰ্থাৎ তোমাতেই জ্ঞান ওপজে; পৰম গুপুত কথা শুনা, ভগৱানেই একমাত্ৰ নিত্য (সদায় থকা, এতিয়া আছে, আগেও আছিল আৰু আগলৈও থাকিব) পৱিত্ৰ ( একোৱে মলিয়ন কৰিব নোৱাৰা)। জ্ঞানময় আৰু তেৱেঁই সকলোৰে ঈশ্বৰ; সেই হেন নিত্য, পবিত্ৰ, জ্ঞানময় ঈশ্বৰৰ আশ্ৰয় তুমি নেৰিবা।

[ ৯৭ ]

কৃষ্ণ নিজ ইষ্ট দেৱ  আত্ম প্ৰিয়তম গুৰু
 সুহৃদ সোদৰ বন্ধু জন।
কৃষ্ণ মোৰ গতি মতি কৃষ্ণত ভকতি ৰতি
 কৃষ্ণপাৱে নিমজোক মন॥

 [কৃষ্ণ বা ভগৱান সকলোৰে আত্মস্বৰূপে আছে, সেই কাৰণে] কৃষ্ণই মোৰ উপাস্য দেৱতা, মোৰ আত্মা তেৱেঁই, মোৰে সকলোতকৈ প্ৰিয়গুৰুও তেওঁ আৰু ভাই-বন্ধু, আত্মীয়-কুটুম্ব যদি কোনোবা মোৰ আছে, সেইজন কৃষ্ণহে অৰ্থাৎ কৃষ্ণই মোৰ সকলো— কৃষ্ণৰ বাহিৰে মোৰ জগতত একো নাই। কৃষ্ণই মোৰ আশ্ৰয়—মোক মন সদায় কৃষ্ণতে; এতেকে কৃষ্ণত মোৰ ভক্তিৰ ৰতি বহক আৰু তেওঁতে মোৰ মন মোহ গৈ থাকক।