পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
সটীক নামঘোষা


নিজে চিন্তা নকৰিবি, তোৰ মিছা মইবৰ ভাৱ এৰ (এই ভাৱত জীৱে মুক্তি লাভ কৰিব নোৱাৰাৰ ফলত সংসাৰত ভ্ৰমি নানা যাতনা ভোগ কৰে ); কৃষ্ণ পৰম ঈশ্বৰ, তই তেওঁৰ সেৱক হ, অৰ্থাৎ দাসভাৱে তেওঁৰ আশ্ৰয় ল অৰু সাধুৰ লগলাপি পৰমেশ্বৰক ভক্তি কৰে।

চিত্তং ন মে স্মৰতি তে চৰণৌ কদাচিৎ।
তস্মাত্ত্বমস্য শৰণ্য: মম দীনবন্ধো॥
অচ্যুতঃ কল্পবৃক্ষোহসানন্তঃ কামধেনবঃ।
চিন্তামণিশ্চ গোবিন্দো হৰিনাম বিচিন্তয়েৎ॥
কাহং বুদ্ধাদি সংৰুদ্ধঃক চ ভূমান্‌ মহম্ভব।
দীনবন্ধো দয়াসিন্ধো ভক্তিং মে নৃহৰে দিশ॥

[ ৯৬ ]

শুনিয়োক চিত্ত হেৰ  পৰম ৰহস্য বাণী
 তুমি শুদ্ধ জ্ঞানৰ আলয়।
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
 নছাৰিবা তাহান আশ্ৰয়॥

শুদ্ধ— পৱিত্ৰ।
বুদ্ধ— জ্ঞানময়।
 [ আকাশাদি পঞ্চভূতৰ সত্ত্ব গুণৰপৰা চিত্তৰ উৎপত্তি; ইয়াক সাধাৰণতে হৃদয় বা অন্তঃকৰণ বোলা যায় ] ইয়াৰ পৰাই মন