পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সটীক নাম-ঘোষা


 [অন্তঃকৰণৰ ভাগ দুটা; এটা মন, আনটো বুদ্ধি। সংশয়াত্মক বৃত্তিৰ নাম মন আৰু নিশ্চয়াত্মিকা বৃত্তিৰ নাম বুদ্ধি। মন নানা বিষয়লৈ গৈ আশঙ্কা জন্মাই দিয়ে আৰু বুদ্ধিয়ে বিচাৰ কৰি ঠিক কৰি দিয়ে। সেই কাৰণে বুদ্ধি ধৰ্ম্ম বা স্বভাৱক নিশ্চয়াত্মক বোলা যায়। বুজিক সম্বোধন কৰি কোৱা হৈছে, [হে বুদ্ধি, শুন, বিচাৰ কৰি কোনো বিষয় ঠিক কৰি ধৰাই তোৰ স্বভাৱ; এতেকে অনিষ্টকাৰী বিষয় ভাৱৱোৰ এৰি যি কৃষ্ণ-নাম অক্ষয় ( লৈ থাকিলেও অন্ত নহয়) সেই সদা পৱিত্ৰ (যি নাম ললে পাপী-তাপী পৱিত্ৰ হয়, পাপ-তাপে যাক মলিয়ন কৰিব নোৱাৰে) আৰু পৰম মঙ্গলময় ( যি নাম ললে মুক্তিৰূপ মঙ্গল ঘটে ] ভগৱানৰ নামকে নিশ্চয়কৈ ধৰ।

[ ৯৫ ]

শুন হেৰ অহঙ্কাৰ  নিচিন্ত আপোন মাৰ
 মিছা অহম্মমক তেজিয়ো।
পৰম ঈশ্বৰ কৃষ্ণব হুয়োক তাহান দাস
 সাধু সঙ্গে কৃষ্ণক ভজিয়ো॥

অহঙ্কাৰ-অহংভাৱ, মই মোৰ ভাৱ।
অহম্মম-অহম + মম =মই, মোৰ, গৰ্ব্বভাৱ।
মাৰ-মৃত্যু, অমঙ্গল।

 [মই ভাৱ লৈয়েই জীৱে সকলো কাম কৰে; ই বেচি হলে সি অহম্মম বা মইবৰ ভাৱত পৰিণত হয়। মানুহে মইবৰ ভাৱত মতলীয়া হৈ ঈশ্বৰলৈ পিঠি দিয়ে। সেই কাৰণে অহঙ্কাৰক সম্বোধন কৰি কৈছে ] হে অহঙ্কাৰ, তই শুন—তোৰ নিজৰ অমঙ্গল