তাক তেজি কৃষ্ণ-নাম অক্ষয় অমৃত পিয়া
সন্তোষক লভিযো হৃদয়॥
[ আকাশাদি পঞ্চভূতৰ সত্ত্ব গুণৰপৰা হৃদয় বা অন্তঃকৰণৰ উৎপত্তি। মন আৰু বুদ্ধি, অন্তঃকৰণৰ দুটা ভাগ বা ইহঁত দুটাৰ ভিত্তি হৈছে অন্তঃকৰণ। মন সংশয়াত্মক বৃত্তি, বুদ্ধি নিশ্চয়াত্মিকা বৃত্তি। মন-বুদ্ধিৰ ক্ৰিয়াৰ ফলত সমস্ত কামনা আৰু সিদ্ধান্ত হৃদয়ত ওপজে। সেই কাৰণে হৃদয়ক সকলো কামনাৰ ভাণ্ডাৰ বুলিব পাৰি।]
[ বাসনাৰ নিবৃত্তি নহলে সন্তোষ নোপজে; এটা কাম্য বস্তু মিলাৰ পাচত আৰু এটা নতুন কাম্য বস্তু ওলাই পৰে; এইদৰে জীৱ বাসনাৰ হাত সাৰিব নোৱাৰাৰ ফলত সংসাৰত ঘুৰি ফুৰে। ভাৱৰ জন্ম স্থান হৃদয়; সেয়ে হৃদয়ক সম্বোধন কৰি কৈছে। ]
হে হৃদয়, মোৰ কথা শুন। ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান বস্তু আছে, সেইবোৰ পালেও তই সন্তুষ্ট নহ, তোৰ কামনা পূৰ্ণহোৱা এতেকে সংসাৰৰ সেই ভোগ্য বস্তুৰ কামনা এৰি অমৃতৰদৰে মিঠা আৰু লৈ থাকিলেও অন্ত নোহাৱা অক্ষয় হৰিনাৰ লৈ সন্তোষ লাভ কৰ।
[ ৯৪ ]
শুনিয়োক বুদ্ধি তোৰ কেৱল নিশ্চয় ধৰ্ম্ম
তেজি সবে বিনাশী বিষয়।
সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণৰ নাম
তাকে মাত্ৰ কৰিয়ো নিশ্চয়॥