[ ৯২]
হে মন তোৰ কাম সঙ্কল্প বিকল্প ধৰ্ম্ম
তেজি মিছা কামনাসকল।
সদায় সঙ্কল্প মাত্ৰ কৰিয়ো সুহৃদ মন
কৃষ্ণ-নাম পৰম মঙ্গল॥
সঙ্কল্প —[ সম-কপ ( কল্পনা কৰা) + অল) অভিলাষ, মনোৰথ,
- মানস-কৰ্ম্ম।
- মানস-কৰ্ম্ম।
বিকল্প-বিভিন্ন কামনা, ভেদ-বুদ্ধি ভ্ৰম, সংশয়,বিবিধ কল্পনা।
[ মনৰ স্বভাৱ কামনা কৰা আৰু নানাফালে যোৰ, সি নিষ্কামভাৱে স্থিৰ হৈ থাকিব নোখোজে। সেই নিমিত্তে তাৰ যেনে স্বভাৱ, সেই স্বভাৱ অনুসৰি তাক কৈছে] হে মন, তোৰ স্বভাৱ কামনা কৰা আৰু নানাফালে যোৱা, তই তোৰ সংসাৰৰ ফালে যোৱা অসাৰ কামনাবোৰ এৰি দে; হে প্ৰিয়তম মন, পৰমেশ্বৰৰ নামেই জীৱৰ পৰম হিত সাধে (জীৱক সংসাৰৰপৰা মুক্তি দিয়ে; এতেকে সদায় তাক মাত্ৰ লবলৈ কামনা কৰা। [ মন স্থিৰ নহলে একো সিদ্ধি নহয়, বিবেক মনক বাহিৰা বিষয়ৰপৰা আনি যেতিয়ালৈ অন্তৰ্মুখী নকৰে, তেতিয়ালৈ আত্মচিন্তা আৰম্ভ নহয়, আত্মচিন্তা কৰি আত্ম অনুভৱ কৰিবলৈ মন প্ৰান সাৰথি , সেই কাৰণে মনক সুহৃদ বা বান্ধৱ বুলিছে। ]
[৯৩]
শুনিও হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোৰয়।