পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
সটীক নামঘোষা


[৯০]

হে জিহ্বা সদা তই  আমাত নিৰ্দ্দয়া ভৈলি
 কেনে নোবোলস ৰাম বাণী।
সংসাৰ সাগৰে ইটো  হৰিসে সুদৃঢ় নাও
 জানি হৰি বুলিয়ো কল্যাণী॥

 হে জিভা, ওই সদায় মোৰ প্ৰতি নিষ্ঠুৰ হৈছ—তই ৰাম নাম কিয় উচ্চাৰণ নকৰ; এই সংসাৰ সাগৰ পাৰ হবলৈ অৰ্থাৎ মুক্তি লাভ কৰিবলৈ হৰিনামেই নিৰাপৰ নাৱৰ নিচিনা; ইয়াকে জানি হে শুভদায়িনী, হৰি বোল, হৰিৰ নাম একান্তমনে উচ্চাৰণ কৰ।

[ ৯১ ]

হে কৰ্ণ সদা তোৰ  শৱদেসে মাত্ৰ প্ৰিয়
 তই শব্দ মধুৰ জানস।
কোটি অমৃততোধিক পৰম মধুৰ শব্দ
 শুনা সদা কৃষ্ণ নাম যশ।

 [ কাণেৰে শব্দ শুনা যায়; কাণে শুৱলা শব্দ শুনিবলৈ ভাল পায়; ভক্তসকলৰ কাণত ঈশ্বৰৰ নাম অমৃতৰদৰে বাজে; সেই কাৰণে কাণক সম্বোধন কৰি কৈছে ] হে কাণ, তই শব্দ শুনিবলৈ ভাল পাৱ-কি শব্দ শুনিবলৈ শুৱলা তই তাক জান; কৃষ্ণ-নাম-যশ কীৰ্ত্তনৰ শব্দ অমৃততকৈও কোটি গুণ মিঠা; এনে অমৃততকৈও বেচি মিঠা কৃষ্ণ-গুণ-নাম সদায় শ্ৰৱণ কৰ।