পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সটীক নামঘোষা


হে জিহ্বে! ৰস সাৰজ্ঞে সৰ্ব্বদা মধুৰ প্ৰিয়ে।
নাৰায়ণাখ্যমমৃতং পিব জিহ্বে নিৰন্তৰং॥৮৯

[ ৮৯ ]

হে জিহ্বা সদা তোৰ মধুৰেসে মাত্ৰ প্ৰিয়
 জান তই ৰসৰ সাৰক।
আন তেজি নিৰন্তৰে  কৰিয়ে মাত্ৰ পান
 নাৰায়ণ নাম অমৃতক॥

 জিহ্বাৰে বস্তুৰ আস্বাদ লোৱা যায়। ভক্তসকলে হৰিনাম কীৰ্ত্তন কৰোঁতে যিমান আনন্দ পায়, আন একোতে নাপায়; অতি সোৱাদ বস্তু যেনেকৈ সদায় খাই থাকিবৰ মন যায়, ভক্তসকলে সেইদৰে সদায় নামকে উচ্চাৰণ কৰিবলৈ ভাল পায়; সেই কাৰণে ভক্তে নিজৰ জিহ্বাক সম্বোধন কৰি কৈছে।] হে জিহ্বা, কি ৰস ভাল তই তাক ধৰিব পাৰ—তই মিঠা ৰসৰহে আস্বাদ লবলৈ ভাল পাৱ; এতেকে আন কথাৰ আলোচনা এৰি অমৃতৰ নিচিনা নাৰায়ণৰ নাম মাত্ৰ উচ্চাৰণ কৰি তাৰ আস্বাদ ল; অৰ্থাৎ জিভা, তই মিঠা ৰস ভাল পাৱ, নাৰায়ণ নামত অমৃতৰ নিচিনা মিঠা ৰস আছে, তই আন কথাৰ আলোচনা এৰি একান্ত মনে সেই অমৃতৰ নিচিনা নাম লবলৈ ধৰ।

হে জিহ্বে! ময়ি নিঃস্নেহে হৰিং কিং ত্বং ন ভাসসে।
হৰীতি বদ কল্যাণি। সংসাৰাৰ্ণৱ নৌৰ্হৰিঃ॥৯৩