এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
সটীক নামঘোষা
[৭১]
অপৰাধ বিনাশন তযু নামে নাৰায়ণ
জানি নামে পশিলো শৰণে,
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে॥
হে নাৰায়ণ, [দিনে-ৰাতিয়ে কিমান নকৰিব লগা কাম কৰি দোষ কৰোঁ তাৰ সংখ্যা নাই।] তোমাৰ নাম ললে অপৰাধ মৰ্ষণ হয় বুলি জানি তোমাৰ নামক আশ্ৰয় কৰিলোঁ। মৰণৰ সময়তো তোমাৰ নামৰ বাহিৰে আৰু মোৰ সম্বল নাই, [সেই সময়তো নামৰ বাহিৰে আৰু অন্য ধৰ্ম্ম আচৰিব নোৱাৰি; সেই গতিকে এতিয়াৰপৰা মই নামকে আশ্ৰয় কৰিলোঁ।] হে দয়াময় হৰি, মোৰ অপৰাধ ক্ষমা কৰি তোমাৰ চৰণত আশ্ৰয় দি মোক উদ্ধাৰ কৰা।
ত্বদীক্ষণ বশ ক্ষোভ মায়া খোধিত কৰ্ম্মভিঃ।
জাতান সংসাৰতঃ খিন্নান্ নৃহৰে পাহি নঃ পিতঃ॥ ৭২
[৭২]
তোমাৰেসে অবিদ্যায়ে আমাক মুহিলে হৰি
নাজানোহো তোমাৰ তত্ত্বক।