পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
সটীক নামঘোষা

 হে হৰি, মই তোমাক পাহৰা দেখি অৰ্থাৎ তোমাৰ নাম-গুণ লোৱা নেদেখি (সেই ছেগতে) মায়াই মোৰ মন আচ্ছন্ন কৰিলে। [বিষয়ত মই ভোল গৈ থাকিলোঁ] হে হৰি, যেনেকৈ মই তোমাৰ সেৱাত ৰব পাৰোঁ, এতিয়া মোক তেনে কৃপা কৰা।

[ ৬৮ ]

নমা নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
 কৰিয়োক মায়াক নিৰ্য্যাণ।
আপোনাৰ মহিমাক আপুনি বেকত কৰি
 জীৱক কৰিয়ো পৰিত্ৰাণ॥

 হে নাৰায়ণ! তোমাক প্ৰণাম কৰোঁ, মোৰ প্ৰতি তুমি প্ৰসন্ন হোৱা, মোৰ মায়া আঁতৰোৱা, তোমাৰ নিজৰ মহিমা নিজে প্ৰকাশ কৰি মোৰ জীৱক মুক্তি দিয়া। সংসাৰ মায়াত মুগ্ধ হৈ মই তোমাক পাহৰিছোঁ, তুমি নিৰ্ম্মায়া—মায়াই তোমাক পীড়িব নোৱাৰে; প্ৰভু, মোৰ প্ৰতি তুমি সন্তুষ্ট হৈ মোৰ মায়া চাই তোমাৰ মাহাত্ম্য প্ৰকাশ কৰা, মোৰ জীৱ উদ্ধাৰ হওক।

[ ৬৯ ]

তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি
 মোহি আছে আমাক সমূলি।
গুচায়োক মায়া স্বামী তোমাৰ চৰণে আমি
 ভজিলোহো জয় জয় বুলি॥