হে নৰহৰি প্ৰভু, “তুমি মোৰ প্ৰিয়তম” বুলি তোমাক
ভালপোৱা ভাৱত, তোমাৰ পদ স্মৰণ কৰা বা তোমাক ধাৰণা
কৰা বৰ টান; সেই কাৰণে মোৰ ক্ষুদ্ৰশক্তি অনুসাৰে অতি সামান্য
ভাৱে যাতে মই তোমাক সদায় ভাবিব পাৰোঁ, তেনে কৃপা মোক
কৰা; [ সদায় তোমাক মই মনত ৰাখি চলা অভ্যাস মোত জন্মোৱা
ৰা সহজতে যাতে মই তোক সদায় মন কৰি চলিব পাৰোঁ
তেনে কৃপা কৰা।]
তন্ন: প্ৰভো ত্বং কু-কলেৱৰাৰ্পিতাং
ত্বন্মায়য়াহম্মমতামধোক্ষজ॥
ভিন্দ্যাম যেনাশু বয়ং সুদুৰ্ভিদাং।
বিদেহি যোগং ত্বয়ি নঃ স্বভাৱজং॥
(৬২-৬৬ )
[ ৬২ ]
হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি
কৃপা দৃষ্টি চাহিয়োক মোক।
সহজ বাসনা ৰূপে শৰণ দিয়োক নাথ
মোৰ অহঙ্কাৰ দূৰ হোক॥
সহজ বাসনা—স্বভাৱতে তোমাক ভজিবলৈ অভিলাষ হোৱাকৈ।
হে প্ৰাণবন্ধু কৃষ্ণ, হে দয়াময় হৰি, মোক অনুগ্ৰহ , দৃষ্টিৰে চোৱা, প্ৰভু। মোৰ মনে যেন স্বাভাবিকে তোমাত আশ্ৰয় লয় অৰ্থাৎ মোৰ মনে তোমাত লাগি থকা যেন অভ্যাস জন্মে, তোমাক