পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। ৩ উপভোগ কৰা নহবও পাৰে। সেইদেখি যিসকল একান্ত ভক্ত, ' তেওঁলোকে এনেকুৱা মুক্তিকো আকাঙ্ক্ষা নকৰে। তেওঁলোকে ভাৱে, ভক্তি হলে ৰস স্বৰূপ ভগৱানক ভজিলে মুক্তি আপুনি আহি লগ লব। ভক্তি ৰাণী, মুক্তি, তাৰ দাস,। শ্ৰুতিত কম, “ৰসে। বৈ স”—সেই ভগৱন্ত। গতিকে ৰসময় ভগৱন্তত ভক্তি অৰ্থাৎ প্ৰেম উপজিলে সাধক সদায় ৰস স্বৰূপ হৈ আনন্দ ভোগ কৰি থাকিব। যি সাধক পৰমেশ্বৰৰ প্ৰেমত মতলীয়া হৈ সদানন্দ স্বৰূপ হৈ থাকে, তেওঁ যে সকলো প্ৰকাৰ দুখৰ অতীত, তাক কবই নালাগে। গতিকে ভক্তিৰ সাধন কৰি ভক্তি সিদ্ধ হলেই মুক্তি আপুনি দাসীৰ নিচিনা আহি লগ লয় অৰ্থাৎ ভক্তে সকলো প্ৰকাৰ দুখৰ অতীত হৈ সকলে৷ অৱস্থাতে অবিচলিত থাকিব পৰা শক্তি লাভ কৰিব পাৰে। সেইদেখি যি সকল পৰমেশ্বৰৰ একান্ত ভক্ত, সিবিলাকে আচল তত্ত্ব বুজি মুক্তিৰ বাঞ্ছা নকৰি ভক্তিৰহে সাধন কৰে; অৰ্থাৎ নিকাম ৰসিক ভক্ত যি তেওঁক নমস্কাৰ কৰে। কাৰে প্ৰতি পৰম অনুৰাগ বা পৰম প্ৰেমেই ভক্তি। ৰস্বৰূপ, সকলো ৰসৰ আধাৰ; গতিকে পৰমেশ্বৰৰ প্ৰতি অন্য প্ৰেম বা ভক্তি ৰসময়ী হোৱাটো স্বাভাৱিক। মই সেই সময়ী ভক্তি মাগো বা প্ৰাৰ্থনা কৰোঁ। হে প্ৰভু পৰমেশ্বৰ, হে সাধাৰ, মোক ৰসময়ী ভক্তি দান কৰি কৃতকৃত্য কৰা। পৰমেশ্বৰ সকলোৰে মস্তক মণি, সকলোতকৈ ডাঙৰ; অৰ্থাৎ সৰ্ব্ব নয়, সৰ্বশক্তিমান, সৰ্বকৰ্ত্তা, সৰ্বাশ্ৰয়, সৰ্বত্ৰ স্বাধীন। পৰমেশ্বৰ

  • গ্ৰন্থৰ আৰম্ভতে প্ৰকাৰ মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱে গুৰু শ্ৰীমন্ত শঙ্কৰদেৱক

মুক্তিত নিস্পৃহ ভক্ত বুলি বন্দনা কৰিছে।