পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সটীক নামঘোষা


আন কথা ভাবি আৰু মুখত আন ৰূপ ধ্যান কৰি “হৰি হৰি ৰাম ৰাম” কৰে, সেই মানুহে কেতিয়াও ঈশ্বৰক পাব নোৱাৰে, ঈশ্বৰ সেই লোকৰ প্ৰতি সন্তুষ্ট নহয়। [ এনেকুৱা মানুহৰ ভক্তি ব্যভিচাৰী হয়। ঈশ্বৰক পাবলৈ হলে ঐকান্তিকতা লাগে; একান্ত মনে তেওঁকে আশ্ৰয় কৰি মনত তেওঁক ধ্যান কৰি মুখত তেওঁৰ নাম লব লাগে আৰু যিবোৰ সংসাৰৰ কাম কৰা যায়, সকলোবোৰ তেওঁৰ বুলি বোধ কৰিব লাগে। মুখত ঈশ্বৰৰ নাম লৈ অন্তৰত যদি আন কথা ভাবা যায়, আৰু সংসাৰৰ কামবোৰ নিজে কৰা ফুল আকাঙ্ক্ষা কৰা হয়, তেন্তে সেইলোক ঈশ্বৰৰ প্ৰিয়পাত্ৰ হব নোৱাৰে, ঈশ্বৰক তেওঁ নাপায়; তেওঁৰ নাম লোৱা অথলে যায়।

অতএব ত্বাং বহুধা বৰ্ণয়ন্তি তত্ত্বন্তু কেহপি ন জানভি ইত্যাহ।

ত্বাং ব্ৰহ্ম কেচিদবয়ান্ত্ত্যত ধৰ্ম্মমেকে,
একে পৰঃ সদসতোঃ পুৰুষং পৰেশং।
অন্যে বদন্তি নবশক্তি যুতং পৰং ত্বাং
কেচিন্মহাপুৰুষমব্যয়মাদ্মতত্ত্বং॥৫৭

[৫৭]

আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
 ইতিহাস তন্ত্ৰ-মন্ত্ৰচয়।
হে হৰি তোমাতেসে  খেলায় কেবল বাদ
 তোমাৰ তত্ত্বক নজানয়॥