যাগ যোগ যজ্ঞ দান তপে জপ তীৰ্থ ব্ৰতান্য
সুগমে ন স্মৰন্তি।
সৰ্ব্বে ম্ৰিয়মাণং জনং মধ্যং কৃত্বা ৰামমুচ্চৈৰুচ্যতাং
তস্য হেলান কৰ্ত্তব্যা ৪৮
[ ৪৮]
তপ, জপ তীৰ্থ, ব্ৰত, যাগ, যোগ, যজ্ঞ, দান
কাকো নুসুমৰে মৃত্যু বেলা।
মৰা জনক বেঢ়ি বোলে সবে ৰাম বোল
হেন নামে এতিক্ষণে হেলা॥
তপ, জপ, যাগ, যোগ আদি যিমান বিধ ধৰ্ম্মাৰ্থে কৰণীয় কাম আছে, মানুহ মৰিবৰ আগখিনি সময়ত তাৰ কোনো এবিধকে কৰিব নোৱাৰে; [ সেই সময়ত কেৱল সহজ ঈশ্বৰৰ নামকে লব পাৰি।] সেই কাৰণে মৰিব ওলোৱা মানুহক আত্মীয় কুটুম্বে বেঢ়ি ধৰি “ৰাম বোল ৰাম বোল” হে কৰে। অন্তিম কালতো সব পাৰা এনে সহজ নাম ভালে থাকা অৱস্থাত লবলৈ হেলা কৰা উচিতনে? [ শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱৰ সময়ত যিসকল পণ্ডিতে নামক প্ৰাধান্য নিদি তপ, জপ, ৰূপ ব্যাখ্যা প্ৰচাৰ কৰিছিল, সেই বিলাকেও চিৰকাল চলি অহা প্ৰথামতে মৰিবৰ সময়ত বন্ধু-বান্ধৱৰ নামকেহে স্মৰণ কৰাইছিল। এই ঘোষাৰে তেনে লোকসকলক ইঙ্গিত কৰিছে।