পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সটীক নামঘোষা


কৰি সেই জীৱ ঘুৰি ফুৰে; সি কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে।

মায়াদয়ো জুড়া: সৰ্ব্বে কৃষ্ণস্তু শুদ্ধচিদ্‌ ঘনঃ।
জড়ং ভজন্তি তং ত্যত্ত্বা অহো মূঢ়া ব্ৰজন্ত্যধঃ॥

[৪৭]

মায়া আদি কৰি যত  সমস্ত জগত জড়
 কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ।
চৈতন্য কৃষ্ণক এৰি  জড়ক ভজিয়া মৰে
 কিনো লোক অধম মুগুধ॥

 আমাৰ দেহৰ ভিতৰত যি মন, বুদ্ধি ভুত, মায়া বা প্ৰকৃতি আৰু বাজত যিবোৰ স্তূল-সূক্ষ্ম বস্তু দেখোঁ, সকলোেবোৰে জড়, সকলোবোৰে শুদ্ধ-আত্মা কৃষ্ণহে মাত্ৰ; তেওঁহে চৈতন্য; অৰ্থাৎ ভগৱানৰ বাহিৰে জগতত যিমান বস্তু দেখোঁ আৰু আছে বুলি ধাৰণা কৰোঁ সকলোবোৰ জড়, কাৰে নিজা চৈতন্য নাই। ভগৱানৰ দ্বাৰা সকলোবোৰ চৈতন্যময় হৈছে। ভগৱান সকলোৰে চৈতন্যময় সত্তা; যত দেখোঁ সকলো বস্তু তেজৰপৰা উদ্ভৱ হৈছে আৰু তেওঁতে লীণ যায়। [ এৱাঁ গাখীৰ হৈ মৰাৰ নিচিনা যিমান দেৱ-দেৱী; কীট-পটঙ্গ পশু-পক্ষী আছে সকলো জড়। ] এনে অৱস্থাত মানুহ কেনে অজ্ঞান যে, জগতৰ সত্তা চৈতন্যময় ভগৱানক আশ্ৰয় নকৰি, মায়াৰদ্বাৰা হোৱা আন দেৱ-দেৱীক পূজা কৰি অবাৱত দিন নিয়ায়।