পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সটীক নামঘোষা


ছয়াশীখন নৰককুণ্ড। ভাগৱতৰ মতে নৰক পৃথিৰীৰ
দক্ষিণফালে মাটিৰ তলত পানীৰ ওপৰত; তাত
যম সপৰিবাৰে আছে। মানুহ মৰাৰ পাচত যমে
জীৱবোৰ তালৈ নি পাপ-পুণ্যৰ বিচাৰ কৰে।
নৰকবোৰ তাতেই আছে বুলি কয়। [ চৌৰাশী
নৰক অৰ্থে অসংখ্য নৰক ধৰাই বোধ কৰোঁ ভাল
হব।
কেইখনমান নৰকৰ বিবৰণ তুলি দিয়া হলঃ-

তামিশ্ৰ নৰক :— ঘিটমিটীয়া আন্ধাৰ; পাপী ইয়াত পৰি খাবলৈ

ভাত-পানী একো নাপায়; যমদূতে টঙনিয়ায়।
পৰ-ধন, পৰ-স্ত্ৰী আৰু পৰ-পুত্ৰ যি হৰণ কৰে,
সি সেই নৰক ভোগ কৰিবলৈ পায়।

অন্ধতামিশ্ৰ নৰক :—এই নৰকত পাপীৰ বুদ্ধি নষ্ট আৰু স্মৃতি ভ্ৰম

হয়। যমদূতে ইয়াত পাপীক নানা যাতনা দিয়ে।
যি পতিক বঞ্চনা কৰি নিজে সুখ ভোগ কৰে,
সি এই নৰক পায়।

ৰৌৰৱ নৰক —সাপতকৈও এক প্ৰকাণ্ড খঙাল প্ৰাণী আছে তাক

ৰুৰু বোলে। এই নৰকত পাপক ৰুৰুৱে খোটে।
যি মানুহে “এই শৰীৰেই মই”, “এইবোৰ ধন
মোৰ” এনে অজ্ঞানত মুগ্ধ হৈ প্ৰাণীৰ অনিষ্ট কৰে
সি মৰাৰ পাচত এই নৰক ভোগ কৰে।