আৰু সেইমতে চলা মানুহে সংসাৰত ফুৰি ঈশ্বৰৰ তত্ত্ব থকা উপনিষদ
আদি পুথি নষ্ট কৰে অৰ্থাৎ এই শাস্ত্ৰবোৰত থকা ঈশ্বৰ-তত্ত্বৰ
যুক্তিবোৰত নানা মিছা আশঙ্কা উলিয়াই তৰ্ক কৰি মানুহক জড়বাদী
কৰি নষ্ট কৰিব খোজে; [ তাৰ অৰ্থ নিজেও গ্ৰহণ নকৰে আৰু
আনে গ্ৰহণ কৰাতো বাধা দি ফুৰে।]
“ভক্তিত মিলয় হৰি তৰ্কে বহু দুৰ”
সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱতাৰণ্য
হৰিনাম সিংহো বিৰাজতেহধ্বনি।
তৎ শব্দং শ্ৰুত্বা স নিজপতিপুত্ৰা-
স্তৰ্কব্যাঘ্ৰী তূৰ্ণং ত্ৰাসাদ দ্ৰবতি॥৪৪
[ ৪৪ ]
সৰ্ব্ব শ্ৰুতি শিৰোৰত্ন ভাগৱত বনমাজে
হৰিনাম সিংহ প্ৰকাশয়।
তাৰ মহা ধ্বনি শুনি নিজ পৰিবাৰ সমে
তৰ্ক ব্যাঘ্ৰী পলায় হুয়া হয়॥
শ্ৰুতি—কাণে কাণে চলি আহা, পাচত লিখি ৰাখা শাস্ত্ৰ; বেদ।
সৰ্বশ্ৰুতি শিৰোৰত্ন—বেদৰ সাৰ ভাগ।
সকলো শ্ৰুতি শাস্ত্ৰৰ অৰ্থাৎ বেদৰ সাৰ ভাগ হৈছে ভাগৱত;
বনত সিংহ থাকি যিদৰে বনভূমিৰ আন আন জন্তুৰ ওপৰত প্ৰভুত্ব
বঢ়ায়, সেইদৰে ভাগৱতৰ ভিতৰতো হৰি নামেইহে গৌৰৱ প্ৰকাশ