পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
সটীক নামঘোষা

 স্বচ্ছ বস্তুৰ প্ৰতিবিম্ব যিদৰে স্বচ্ছ বস্তুত প্ৰকাশ হয়, তেনেকৈ আত্মা সকলোতে থাকিও সকলোতে প্ৰকাশ নহয়; একমাত্ৰ বুদ্ধিতেই প্ৰকাশ হয়। সূৰ্য্যৰ প্ৰতিবিম্ব পানী আদি স্বচ্ছ বস্তুত যিদৰে প্ৰকাশিত হয়, মাটি আদি মলিন বস্তুৰ সেইদৰে প্ৰতিফলিত নহয়। এই কাৰণেই শিল আদি নিৰ্জীৱ বস্তুত আত্মাৰ সত্তা দেখা নাযায়।

 ৰজাৰ শক্তিত যিদৰে ৰাজঘৰীয়া বিষয়াৰ ক্ষমতা পৰিচালিত হয়, সেইদৰে আত্মাৰ প্ৰভাৱতেই দেহ আৰু ইন্দ্ৰিয় আদিৰ কাম হয়। আত্মা নাথাকিলে এইবোৰৰ একো ক্ৰিয়া নাথাকে। এই কাৰণে আত্মা দেহ, ইন্দ্ৰিয়, মন, বুদ্ধি আৰু প্ৰকৃতিৰপৰা সদায় পৃথক; তাক সকলোৰে সাক্ষীহে বুলিব পাৰি।

 জোনাক নিশা চন্দ্ৰৰ তলেদি মেঘ দৌৰিলে যিদৰে চন্দ্ৰ দৌৰা বোধ হয়, সেইদৰে ইন্দ্ৰিয়বোৰ নিজ বিষয়ত প্ৰবৃত্ত হলে অজ্ঞানী লোকে সেইবোৰ আত্মাৰ ক্ৰিয়া বুলি ভাবে। এইটো মনত ৰাখা উচিত, যে আমি যিদৰে সূৰ্য্যৰ পোহৰত নিজৰ কৰ্ত্তব্য কৰি লওঁ, সেইদৰে দেহ, ইন্দ্ৰিয়, মন, বুদ্ধি আদিয়ে আত্ম-চৈতন্য অৱলম্বন কৰিয়েই নিজ নিজ কাম কৰে।

 পানী লৰিলে তাত প্ৰতিফলিত চন্দ্ৰক লৰা বা কঁপা দেখি, সেইদৰে আমি আচল তত্ত্ব নুবুজি মনৰ কামবোৰকেই আত্মাৰ কাম বুলি ভাবোঁ। মই কৰিছোঁ, মোৰ ভোক লাগিছে ইত্যাদি কামবোৰ মনৰ; আত্মাৰ নহয়। সেইদৰে সুখ-দুখ বুদ্ধিৰ গুণ, আত্মাৰ নহয়। জ্ঞানীসকলে আত্মাক নিৰ্ম্মল, আনন্দ, জ্ঞান আৰু বিশ্বৰ সত্তা বোলে। আন্ধাৰত জৰীক সাপ বুলি ভম হোৱাৰ দৰে, অৰিদ্যাৰ গুণে আমি মনৰ কামবোৰকেই আত্মাৰ কাম বুলি ভুল কৰোঁ।