পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সটীক
নামঘোষা
ভজন

যে মুক্তাৰপি নিস্পৃহাঃ প্ৰতিপদ প্ৰোন্মীলদানন্দদাং
যামাস্থায় সমস্তমস্তকমণিং কুৰ্ব্বন্তি যং সেৱনং।
তান্ ভক্তানপি তাঞ্চ ভক্তমপি তং ভক্তপ্ৰিয়ং শ্ৰীহৰিং
ৱন্দে সন্তমৰ্থয়েহনুদিৱসং নিত্যং শৰণ্যং ভজে॥

[১]

মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
 ৰসময়ী মাগোঁহো ভকতি।
সমস্ত মস্তকমণি নিজ ভকতৰ বশ্য
 ভজো হেন দেৱ যদুপতি॥

নিস্পৃহ—আসক্তিশূন্য।

ৰসময়ী—ৰসেৰে পৰিপূৰ্ণ।

সমস্ত মস্তকমণি—সকলোৰে মস্তকৰ মণি স্বৰূপ, সৰ্ব্বশ্ৰেষ্ঠ।