পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
সটীক নামঘোষা

যস্তুমশ্লোকণ্ড ণানুবাদঃ প্ৰসূয়তে গ্ৰাম্যকথা বিঘাতঃ।
নিসেৱ্যমানোহনুদিনং মুমুক্ষোঃ সতীং মতিং যচ্ছতি বাসুদেৱে॥৩৯

[৩৯]

গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ
 প্ৰসৱয় সাধুৰ সঙ্গত।
তাক অনুদিনে যিটো  সেৰে তাৰ সতী মতি
 হোৰে বাসুদেৱ চৰণত॥

গ্ৰাম্যকথা—বিষয় ভাৱৰ কথা। দৈনন্দিন জীৱনৰ কথা; যেনে— আহাৰ, নিদ্ৰা আদিৰ কথা।

গুণ—গৌৰৱ, মহিমা, মাহাত্ম্য।

উত্তম শ্লোক—পৰমেশ্বৰৰ তত্ত্ব কথা।

 বিষয় তাৰ নাশ কৰা, পৰমেশ্বৰৰ তত্ত্বৰ মহিমা সাধুৰ লগত সদায় প্ৰকাশ হয় অৰ্থাৎ সাধুৱে সদায় বিষয় বিৰোধী ভগৱানৰ তত্ত্ব কথাবোৰ আলোচনা কৰি থাকে। যি মানুহে সাধুৰ সঙ্গ লাভ কৰি তাক সদায় অনুকৰণ কৰে অৰ্থাৎ সাধুৰ উপদেশ মতে সদায় চলে তেওঁৰ মন শুদ্ধ হয়। আৰু সেই শুদ্ধ মন পৰমেশ্বৰৰ চৰণত ৰয়। [তেওঁ সদায় ভগৱানৰ গুণ-কীৰ্ত্তন কৰি থাকিবলৈ ভাল পোৱা হয়।]

তদ্দিনং দুৰ্দ্দিনং মন্যে মেঘাচ্ছন্নং ন দুৰ্দ্দিনং।
যদ্দিনং হৰিসংলাপকথাপীয়ুসবৰ্জ্জিতম॥ ৪০