পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৪
সটীক নামঘোষা


খেদ

এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে।
ভগৱন্ত ভজিয়া পৰম গতি পাৱে॥৯৯৮

পদ


ভগৱন্ত নভজি চলয় যমঠাৱে।
ভগৱন্ত ভকতক শমনে নধাৱে॥৯৯৯

চলৰ যম ঠাৱে−যম পুৰিলৈ যায়, মৃত্যুৰ হাতত পৰে; মুক্তি নাপায়।

শমনে নধাৱে-যমে খেদি নাযায় বা নধৰে; নমৰে।

ভগৱন্তক ভজিয়া জনম বাহুৰাৱে।
আন যত সবে মিছা ভক্তিৰ অভাৱে॥১০০১

জনম বাহুৰাৱে-জন্ম কটায়, জন্ম ধন্য হয় (অধিকাৰী)।

জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে।
এহু ৰস মাধৱ মূৰুখমতি গাৱে॥ ১০০১