পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬২
সটীক নামঘোষা

 গোপাল গোপীনাথ গোবিন্দ ৰাম ৰাম।
 গোবিন্দ ৰাম কৃষ্ণ গোবিন্দ ৰাম॥৮৮৫
 গোবিন্দ ৰাম গোবিন্দ ৰাম।
 গোপাল গোবিন্দ ৰাম ৰাম॥৮৮৬
 হৰি হৰি হৰি ৰাম গোবিন্দ।
 মুৰাৰি মুকুন্দ জয় ৰাম॥৮৮৭
ৰাম কৃষ্ণ হৰি ৰাম ৰাম। গোপাল গোবিন্দ জয় ৰাম॥৮৮৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। অমিয়া মাধুৰি তযু নাম॥৮৮৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয়। ৰাম কৃষ্ণ দীনদয়াময়॥৮৯০
মাধৱ মাধৱ দীনদয়াল? দৈৱকীনন্দন ৰাম গোপাল॥৮৯১
ৰাম ৰঘুপতি পৰমানন্দ। পৰম পুৰুষ দীনবন্ধু গোবিন্দ॥৮৯২
মোৰে ইষ্টদেৱ যাদৱৰায়। সেৱা কৰিবাৰ নামেসে উপায়।
গোবিন্দ জয় কৃষ্ণ জগত জীৱন ৰাম॥৮৯৪
সহজানন্দ হৰি স্বৰূপানন্দ॥৮৯৫
হৃদয়ানন্দ হৰি পৰমানন্দ।
সহজানন্দ-আনন্দই যাৰ সহজ, সদায় আনন্দ হৈ থকাই যাৰ স্বভাৱ।
স্বৰূপানন্দ - আনন্দস্বৰূপ। নিজ স্বৰূপ বুজি যি আনন্দময় হৈ থাকে।
 গোপাল গোবিন্দ ৰাম মাধৱ।
 ভকত জনৰ তুমি বান্ধৱ॥৮৯৬
 গোপাল গোবিন্দ গৰুড়কেতু।
 ভকতৰ ধন জীৱন হেতু॥৮৯৭