পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৮
সটীক নামঘোষা

তোমাৰ চৰণে হৰি কেৱল ভকতি বিনে,
মোৰ আৰ নাহি আন কাম হৰি ৰাম॥৮৪৮
গোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ
গোপীনাথ গোপীনাথ হৰি।
তোমাৰ অভয় দুই চৰণে শৰণ লৈলো
লৈয়ো মোক নিজ দাস কৰি হৰি ৰাম॥৪৯
 নামছন্দ
কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥৮৫০
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম।৮৫১
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম।
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ॥৮৫২
গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ
গোবিন্দ ৰাম মুৰাৰি।
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী॥৮৫৩

 অনন্ত কোটি ব্ৰহ্মাণ্ড -ব্ৰহ্মই সৃষ্টি কৰা জগত অনন্ত কোটি অৰ্থাৎ অসংখ্য। সূৰ্য্য সৌৰ জগতৰ অধিপতি। বুধ, শুক্ত, মঙ্গল, পৃথিবী, শনি, বৃহস্পতি, ইন্দ্ৰ, বৰুণ এইবোৰ গ্ৰহ মিলি সৌৰজগত; এই জগত অণ্ডাকৃতিৰ। আকাশত দেখা নক্ষত্ৰবোৰৰ একোটা একোটা সূৰ্য্যৰদৰে আৰু একোখন জগতৰ কেন্দ্ৰাধিপতি, এইদৰে বিশ্বত কিমান যে জগত আছে, তাৰ সংখ্যা কৰা টান। জগতকে ইয়াত ব্ৰহ্মাণ্ড বুলিছে।

গোবিন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি।
ভকতি ৰোচন দুখ বিমোচন, ভকতৰ ভয়হাৰী॥৮৫৪