এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৮
সটীক নামঘোষা
চৰণত ধৰো কাতৰ কৰো। এ
মই অনাথক নছাৰিবা যদুপতি॥ ৭৯৯
তোমাৰ সেৱক ভৈলো নাৰায়ণে এ
নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ।
নিজ ভৃত্য কৰি লৈয়ো গোপীনাথ এ,
তযু কৃপা যাৰ মিলয় কোন প্ৰমাদ॥ ৮০০
প্ৰসাদ—কৃপা, দয়া।
প্ৰমাদ—ভুল, ভয়, বিধিনি।
হে দয়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকূতি বাণী
মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল কি হয় তোমাৰ হানি॥৮০১
পৰম কৃপালু হৈয়া যদুপতি এ
কোন অপৰাধে মোক ভৃত্য পৰিহৰা।
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা॥৮০২
শাস্ত্ৰত প্ৰসিদ্ধ আছে অৰ্থাৎ স্পষ্টকৈ লিখা আছে, যি একান্তমনে তোমাৰ নাম লয়, তাক তুমি তোমাৰ দাস কৰি লোৱা।
জ্ঞানশূন্য অতি পশু পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
আকে জানি হৰি শৰণে পশিলো এ
আমাক তোমাৰ তেজিতে উচিত নয়॥৮০৩