এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৭
সটীক নামঘোষা
হৰি এ কৰুণা সিন্ধু, জীৱন বন্ধু, গতি মতি তুমি নাৰায়ণ
তুৱা গুণ নাম ভকতৰ মহা ধন॥৭৯৩
পতিত বুলিয়া মোক হৰি হৰি এ ৰাম
তেজিতে নপাৰা নাৰায়ণ।
পৰম কৰুণা গুণে হৰি হৰি এ ৰাম
নাম ধৰিছা পতিত পাবন॥৭৯৪
দয়াৰ ঠাকুৰ হুয়া দয়া কেনে নকৰাহা
ৰাম কৃষ্ণ নাৰায়ণ দীন দয়াময়॥ ৭৯৫
মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ, মাথে ধৰোঁ তৃণ
তুমি কৃপাময়ক নজানো এত দিন॥৭৯৬
দান্তে ধৰোঁ তৃণ - অতি কাতৰ ভাৱে।
মোক কৃপা কৰা এ, ঐ বন্ধু ৰাম, প্ৰাণ বন্ধু ৰাম
নেৰোক মুখে ৰাম-কৃষ্ণ নাম।
মোক কৃপা কৰা এ॥৭৯৭
পতিত পাৱন বুলি নাৰায়ণ এ,
পৰম পতিতে ডাকয় আতুৰ হৈয়া,
তযু বেদ বাণী আমি আছো শুনি এ,
মহা পাপী তৰে তযু গুণ নাম লৈয়া॥৭৯৮
তুৱা গুণ নাম অমৃত আশায় এ,
তোমাৰ চৰণে বিকা গৈলো মুঢ়মতি।