পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৯
সটীক নামঘোষা

 হে মাধৱ মুকুন্দ মূৰাৰি, মোৰ গতি হলে অৰ্থাৎ মই কি দুখ অৱস্থাত পৰিলোঁ॥ পুনঃ পুনঃ সংসাৰত জন্মি মায়াৰপৰা হোৱা আশাৰূপ নদীৰ মাজত ডুব গৈ নদীৰ পাৰ নপাই আতুৰত পৰাৰদৰে আশাত আবন্ধ হৈ মই কতো আশ্ৰয় নাপালোঁ; অৰ্থাৎ মায়া এৰাব নোৱাৰাৰ বাবে তোমাক ভজিব নোৱাৰি মই বৰ লটিঘটি হলোঁ।

মহিমা


 ৰাম নামেসে অমিয়া জুৰে।
 ভকত জনৰ মনোৰথ পূৰে॥ ৭৬১
অমিয়া জুৰে-অমৃত বৈ পৰে।
 ৰাম নামতেই অমৃত হৈ পৰে। ভকতসকলে এই ৰসযুক্ত নাম লৈ কামনা সিদ্ধি কৰে
 ভাল ভৰষা পায়া আছি হৰি কৰুণাময়
 ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ।
 ৰাম বুলিতে পাপ তৰে হৰি কৰুণাময়
 সকল আপদ হোৱে দূৰ॥ ৭৬২
 ভকতসবে ৰাম নাম গাৱে।
 কালমায়া ডৰে তৰতৰাৱে। ৭৬৩
ডৰে−ভয়ত
তৰতৰাৱে−থৰথৰি কঁপে।