পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৬
সটীক নামঘোষা

তোমাক মই ভাণ্ডো, তুমি মোক ভণ্ডা—মই তোমাক ঠগো, তুমি মোক ঠগা বা ফাঁকি দিয়া।
চৈধ্য সাক্ষী-ইন্দ্ৰ, চন্দ্ৰ, সূৰ্য্য, ধৰ্ম্ম আদি।
 ভাৰতবৰিষ ধন্য কলিযুগ
 হৰি হৰি হৰি হৰি এ,
 হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম।
 হৰিত একান্তে শৰণ পশিয়ো হৰি হৰি হৰি হৰি এ,
 হৰি হৰি হৰি ধৰ্ম্ম শিৰোমণি
 ঘুষিয়ো হবিৰ নাম॥৭১৮
ভাৰতবৰিষ—ভাৰতবৰ্ষ; পৃথিবী। পৃথিবীত জন্মি নাম লৈ মুক্তি পাব পাৰি, সেয়ে ই ধন্য।
 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু-মানৱ জন্মত হৰিৰ নাম লৈ ভক্তি কৰিব পাৰি দেখি ব্ৰহ্মায়ে মানৱ জন্ম বাঞ্ছা কৰে; সেই কাৰণে মানৱ জন্ম ব্ৰহ্মাৰো বাঞ্ছনীয়।
অনুপাম—অতুলনীয় তুলনা কৰিব নোৱাৰা।
  আত্ম-উপদেশ
 বিচাৰি দেখহ পামৰ মনাই এ
 ইহ পৰলোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম।
মজিয়া ৰহস সুহৃদ মনাই এ
 হৰিগুণ নাম অপাৰ আনন্দ সিন্ধু ৰাম ৰাম॥৭১৯