পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৫
সটীক নামঘোষা

অৰ্থাৎ বিষয়ত লিপ্ত হোৱা মনক উদ্ধাৰ কৰা—মনক বিষয় তাৰৰ পৰা আনা।
 ৰাম কৃষ্ণ হৰি বুলিয়ে ঝাণ্টে।
 মিলিবে মৰণ হাটে কি বাটে॥ ৭১৫
ঝাণ্টে-শীঘ্ৰে।
 কেতিয়া মৰণ মিলে ঠিক নাই, বেগেতে ভগৱানৰ ৰাম কৃষ্ণ নাম লোৱা।
  মহিমা
 হৰিত শৰণ লৈয়া যিটোজন এ
 হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে।
 দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ এ,
 সিটো মহাজনে আতি অপ্ৰয়াসে তৰে॥৭১৬
অপ্ৰয়াসে তৰে-বিনাকষ্ট, অতি সহজে পাৰ হয় বা উদ্ধাৰ হয় নাইবা জন্ম-মৃত্যুৰ হাত সাৰে।
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই এ,
 পৰম যতনে তেজিয়া যত অন্যায়।
 তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা এ,
 চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায়॥৭১৭
তেজিয়া যত অন্যায়-বিষয় বাসনা এৰি।